পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশ্বকৰ্ণ বধ এহিমতে জল বিচাৰন্তে দুই ভাই। প্ৰহৰেক মান বেলা গৈলা সেহি ঠাই ।। মায়াবিনী হেমা ৰাক্ষসীক কূপৰপৰা উদ্ধাৰ কৰিবলৈ গৈ ভীম-অৰ্জুনৰ বিতল নগৰত প্ৰৱেশ বৈশস্পায়ন বদতি শুনিয়ো নৰোত্তম । সিকালত তাসম্বাৰ ভৈলন্ত বিভ্ৰম৷৷ ২৩ ৫৷ জলক চাহন্তে এক গর্তক দেখিলা। ধীৰে ধীৰে দুই বীৰ সমীপ চাপিলা।। নিৰীক্ষি চাহয় দুয়ো কতো দূৰ মান ৷ ৰেণু ৰেণু দেখিলেক অপেস্বৰাগণ।।২৪ চাহন্তে চাহন্তে কান্তি অধিক জ্বলয় ৷ ৰাক্ষসীৰ মায়া সিটো মনে নজানয়৷৷ ত্রৈলোক্য মোহিনী কন্যা ৰূপে অনুপাম ৷ মুনিৰ মনক মোহে জ্বলৈ চন্দ্ৰ সম৷৷ ২৫ কটাক্ষে নিৰীক্ষি অল্প কৰিয়া হাসয় । উঠিবাক লাগি যেন আকৃতি কৰয় ।। দেৱাঙ্গ-ভূষণ যেন কৰি পৰিধান ৷ অল্প অল্প কৰিয়া যেন কৰয় হসন।। ২৬ হৰি হৰি বিধি দুখ দিলা ললাটত। কিমতে তৰিবো ইটো দাৰুণ গৰ্তত ৷৷ যুগুতি কৰিয়া পাচে উপৰক চাই। দুই জন উত্তম পুৰুষ ভেট পাই।। ২৭ মনে মনে বোলে মোৰ বিধি সুপ্ৰসন্ন ৷ ইহাকে পাতালে লৈয়া কৰিবো গমন।। দেৱ কি মনুষ্য লাগে যেহি কিছু হৌক ৷ মোহোৰ মায়াত কোনজনে স্থিৰ হৌক।। ২৮ 1 7/88156