১০৪ অশ্বকৰ্ণ বধ বেঢ়িলা দানৱে আসি পুৰী নিৰন্তৰ গিৰ্ গিৰ্ শৱদ শুনন্তে ভয়ঙ্কৰ॥ ৪৩৩ ভাঙ্গে ঘট পট ধ্বনি বৰ নীচজনে। শঙ্কৰৰ আগত কহন্ত দুখ মনে॥ আদেশিয়ো গোসাই কাৰ্য্যৰ বিসঙ্গতি। কৈৰ পৰা নৰগুটি আসিলা অহিতি॥ ৪৩৪ কিবা ব্ৰহ্মা কিবা যম আসে মূৰ্ত্তি ধৰি। ইন্দ্ৰ চন্দ্ৰ সূৰ্য্য তাৰ নোহে সমসৰি।। ধনু বাণ গদা-তৃণ নাহি পৰিমিত গদাগোটে পাৰে সব ত্ৰৈলোক্য জিনিত॥ ৪৩৫ ভাঙ্গিয়া দানৱ সৈন্য কিছো বিনাশিলা। কতোমানে মুখ্য দানৱক জান দিলা।। চৌৰাশী হাজাৰ খৰ্ব দানৱ পদাতি। সবাতো অধিক দৈত্য দম্ভৰ সন্ততি॥ ৪৩৬ বৰ বৰ বীৰ তাৰ নৱ লক্ষ হয়। সুৰাসুৰ জিনিবাক অক্লেশে পাৰয়।। আৰো এক কথা প্ৰভু শুনিছো নিশ্চয় 1 একজন শুনো আৰো বিৰিঞ্চি আছয়॥ ৪৩৭ আছয় ভূলোক তাৰ লেখা জোখা নাই। তাৰ অধিপতি সিটো ব্ৰহ্ম গদা পায়।। তাতে বৰ লভি আছে দানৱ সকলে। তাতেসে ব্ৰহ্মাৰ লোকে নপাৰয় বলে॥ ৪৩৮ দুই গুটি মনুষ্যৰ মহত্ব আছয়। বৰ ঈশ্বৰত সিটো কৰিছে আশ্ৰয়॥ তাসম্বাৰ কাৰ্য্য যত দেখতে অদ্ভুত। ৰাক্ষস দানৱগণ মাৰিলা বহুত॥ ৪৩৯
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৭৭
অৱয়ব