বৰ বৰ লোম গাৱে কত মত কৰি চাৱে
চকু যেন সূৰ্য্যৰ পোসৰ।
কতো দূৰমান তেৱে একভিতি চাহি থাকি
চলিয়া আসিলা দুয়ো বীৰ॥ ৩০৫
হেন দেখি দুষ্টসবে এক দৃষ্টি চাহি আছে
বোলে এহি দুয়ো বীৰে ধৰ।
আমাৰ ৰাজাক মাৰি কন্যাগোট লৈয়া যায়
কেনে সাহ দেখা মানুষৰ॥
ক্ষুদ্ৰ মানুষৰ নয় পলায় বাহিৰে যায়
আমাক মাৰিবে ভৈল কাল।
ভিতৰে থাকিলে হন্তে কমনে নিশ্বাস কৰে
ৰাজা শুনি নকৰিব ভাল॥ ৩০৬
কতো বোলে তাসম্বাক এৰিয়া কন্যাক ধৰ
তাইসে ইহাক আনে যাই।
দুষ্টা নাৰী মানুষৰ পতি বিচাৰিয়া ফুৰে
জাতিকুল একোকে নচাই॥
এতেকে তাইক মাৰি পাচে মানুষক মাৰো
ৰাজাৰ কৰিবো প্ৰতিকাৰ।
শুন অৰে মানুষিয়া আগ পাচ নচাহিয়া
সাৰিলিহি লগতে নাৰীৰ॥ ৩০৭
এহিমতে নিৰন্তৰে নানা বোল বুলি পাচে
তাসম্বাক ধৰিবাক যায়।
পৰম দাৰুণ দুষ্ট অযুত দানৱ বৰ
সঙ্গে অগ্নি বাদ্যক বজায়॥
পাচে বৃকোদৰে বোলে শুনৰে দানৱগণ
বচন বোলহ হেন কেন।
দুৰাচাৰ ৰাক্ষসক মাৰিয়া কৰিছো ভাল
লোকৰ খণ্ডিবো দুখমান॥ ৩০৮
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৫৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
অশ্বকৰ্ণ বধ