জগতৰ অন্ত তেহো দেৱ ত্ৰিনয়ন।
তাঙ্ক দৰশন মোৰ ভাগ্যৰ কাৰণ॥
মহাপুণ্য কৰি তাঙ্ক দৰশন ভাৰ।
কিনো ভাগ্য সুপ্ৰসন্ন আজি আমাসাৰ॥ ২৪৩
অৰ্জুনে বোলন্ত দাদা সাম্ফল জীৱন।
ব্ৰহ্মা আদি দেৱে যাৰ নাপায় চৰণ॥
কিমতে আমি তাঙ্ক পাইবো দেখিবাক।
এহি বুলি ধনঞ্জয় মাতিলা হেমাক॥ ২৪৪
শুনিয়ো কুমাৰী তই কহিয়ো কাৰণ।
কেনমতে হও মহেশক দৰিশন॥
ঐৰপৰা পন্থ বা হোৱয় কতদূৰ।
কোন দিকে থাকে কোৱা শঙ্কৰৰ পুৰ॥ ২৪৫
বিনা পূজা ধ্যানে তাঙ্ক দেখি কি নেদেখি।
মনুষ্য শৰীৰ আতি পূৰ্বজন্মে লেখি॥
মুনিয়ে বোলন্ত শুনা ৰাজা জন্মেজয়।
দেখা বৈষ্ণৱৰ কেনে মনত সংশয়॥ ২৪৬
দেৱৰ দুৰ্লভ মহন্তক দৰিশন।
কুন্তীৰ তনয় কেনে সঙ্কোচিত মন॥
পাণ্ডু পুত্ৰ সব জানা বৈষ্ণৱৰ সাৰ।
মহাভাগ্য তাসম্বাৰ কি বুলিব আৰ॥ ২৪৭
সৰ্বপাপ নষ্ট হোৱে সাধু দৰশনে।
শিৱৰ সমান মুখ্য নাহি ত্ৰিভুৱনে॥
হেমাৰ বচন আৱে শুনা ৰঙ্গ মনে।
ধীৰে ধীৰে কহে শান্তী শুনে ভীমাৰ্জুনে॥ ২৪৮
ঐৰ পৰা হোৱে পন্থ সপ্তম দিনৰ।
প্ৰহৰেকে পাও মই পুৰী মহেশৰ॥