অৰ্জুনে দেখিয়া ৰাক্ষসৰ মন ৰঙ্গ।
ইহাক মাৰিয়া যেন কৰিবেক ভঙ্গ॥
হেন দেখি বৃকোদৰে পালটি চাহিলা।
গদা আনিবাক লাগি লৱৰ মাৰিলা॥ ২১৪
দেখি ভয় লাগে গদাগোট বৰ আতি।
নমস্কাৰ কৰি দাঙ্গি তুলি মহামতি॥
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ তিনবাৰ বুলি।
দুই হাতে বলে ধৰি কান্ধে লৈলা তুলি॥ ২১৫
গদাধৰি প্ৰকাশ কৰন্ত বৃকোদৰ।
যেন শূল ধৰি আসি মিলিলন্ত হৰ। ৷
গদাৰ প্ৰভাৱে কান্তি বল যে বাঢ়িল।
দুই ভাই দেৱবলে বলীয়ান ভৈল॥ ২১৬
বৈশস্পায়ন বদতি শুনা নৃপবৰ।
সেহি বেলা মাতে অশ্বকৰ্ণ নিশাচৰ॥
ৰহ ৰহ মনুষ্য তই কৈক পলাস।
গদা আনিবাক যাও তাক নেদেখাস॥ ২১৭
পাচে পাচে খেদি আসে ৰাক্ষস দুৰ্বাৰ।
খেদিয়া পালটি বীৰে দেখে চমৎকাৰ॥
শুনা সভাসদ পদ পৰম গহন।
শিৱৰ ৰহস্য কথা আতি বিতোপন॥ ২১৮
বনপৰ্ব কথা ইটো পৰম মঙ্গল।
শ্ৰৱণ মাত্ৰকে পাপ বিদূৰে সকল॥
একচিত্ত মনে কৰা হৰিৰ কীৰ্ত্তন।
হৰি হৰি বুলি চলা বৈকুণ্ঠ ভুৱন॥ ২১৯
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৪০
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৭
অশ্বকৰ্ণ বধ