ডাঙ্গৰ দীঘল শালবৃক্ষ নহে তুল।
এক নখ হোৱে যেন হৰৰ ত্ৰিশূল॥
জিহ্বাখান তাহাৰ যেহেন ৰাজ আলি।
গৰ গৰ কৰি মাতে পেট গোট খালী॥ ৯২
বসিয়া আছয় যেন উচ্ছল পৰ্বত।
একেবাৰে খাইতে পাৰে সকলো জগত॥
কতো বেলি দূৰে থাকিলন্ত দুই ভাই।
অনন্তৰে হেমা সমীপ লৈলন্ত যাই॥ ৯৩
দুইকো দেখিয়া হাসিলন্ত খলাখলি।
ৰহিলেক দুয়ো বীৰ তাহাক আকলি॥
মহাকোপে ভীমৰ কম্পিল সৰ্বকায়।
আৰকত আখি মুখ চাহন নযায়॥ ৯৪
ৰাক্ষসে মাতিয়া সোধে হেমা প্ৰতি চাই।
কোনবা মনুষ্য আনি আছা এহি ঠাই॥
কোমল মনুষ্য খাই তৃপিতি পলাবো।
কতবা দিনৰ মই ক্ষুধা নিবাৰিবো॥ ৯৫
হেমা বোলে পৃথিৱীৰ এহি নৰ দুই।
হৰি আনি আছো আমি অপেস্বৰা হুই॥
খাইবে নলাগে মনুষ্যক ৰক্ষা কৰা।
তাসম্বাত পুছি ভাল মন্দক বিচাৰা॥ ৯৬
অশ্বকৰ্ণৰ লগত ভীম অৰ্জুনৰ যুদ্ধ
মুনিয়ে বোলন্ত ৰাজা শুনা আতপৰ।
এইটো ৰাক্ষস বুঢ়া সত্তৰি যুগৰ॥
ভীমসেনে সম্বোধিয়া বোলয় বচন।
দুৰ্জন ৰাক্ষস এহি পুছা কি কাৰণ॥ ৯৭