সমললৈ যাওক

পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সামান্য প্ৰাণীৰ অশ্বকৰ্ণ বধ ইটো যোগ্য নহে ইহ পৰলোক পাপ। আমি ৰাজকুলে হুয়া আছে। জাত নৰৰ ঈশ্বৰ বাপ॥ ৫৯১ উত্তম জনক অল্প প্ৰাণী সবে গঞ্জনা যদি কৰিব। লোক সকলৰ ইটো সব দোষে নৰকে জানো পৰিব। অৰ্জুনে হেমাক গ্ৰহণ কৰিবলৈ আপত্তি কৰাত শিৱৰ প্ৰবোধ বাক্য হেন শুনি পাচে শঙ্কৰে বোলয় ইহাৰ কহো কাৰণ। যি বুলিলা তুমি পৰ নাৰী চুৱা কহো শুনা বিৱৰণ॥ ৫৯২ যিটো নাৰীসব পতিব্ৰতা হয় তাহাৰ আছে বিচাৰ পতিব্ৰতা নাৰী চুৱা নুহিকায় বিহা পায় তিনিবাৰ॥ আৰো এক নাৰী বিহা কৰি এৰে আৰো স্বামী বিহা কৰে। তথাপিতো তাক সুনাৰী বোলয় জানা ইটো সাৰে সাৰে॥ ৫৯৩ এহি কথা পূৰ্ব গৌৰীৰ আগত কহিছো ম‍ই নিশ্চয়। মহা প্ৰকৃতিৰ কাৰণত হন্তে স্ত্ৰীক ৰত্ন বুলি কয়॥ ১৩১