এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অশ্বকৰ্ণ বধ ইষ্টদেৱ শঙ্কৰক। কৰিলন্ত প্ৰণামক॥ ৫৭১ পাশুপত্ৰ শৰ আনি। যুৰিলন্ত মহামানী॥ যেখনে গুণত লৈল। শালবৃক্ষ সম ভৈল॥ ৫৭২ মন্ত্ৰ অভিষেক কৈলা। শৰ মাৰিবাক লৈলা॥ সিংহ বাঘ গজ শৰ। বজাইলা খৰতৰ॥ ৫৭৩ লক্ষে লক্ষে জাকে জাকে। গছকি মাৰয় তাকে।। ৰাক্ষশ পিশাচ বৰ। বজাৱয় নিৰন্তৰ॥ ৫৭৪ দৈত্য দানৱক পায়। গোটে গোটে ধৰি খায়।। কতো খাণ্ডা ধৰি কাটি। মুণ্ড হাড় ভক্ষে আতি॥ ৫৬৫ পায়া মাত্ৰ সেহি কালে। যান সম কতো গিলে॥ সিংহ বাঘ ঘোঙ্গে পায়। ধৰিয়া খেদিয়া খায়॥ ৫৭৬ পাশুপত্ৰ শৰ যেৱে। অৰ্জুনে যুৰিলা তেৱে। চৈধ্যয় লোকত যত। লোক মানে শ্ৰুতিহত॥ ৫৭৭ ১২৭