অলপ সঙ্কেত দিলে। মই কথা বতৰাত ভাগ লোৱা যেন নেদেখিলে কয় –“উঠোঁহে আৰু, আপোনাৰ বহুত সময় নিয়ালোঁ।” মই যদি কওঁ “বাক”, তেতিয়াহে তেওঁ কয় কামৰ কথাটো—“বুজিছেনে, আমাৰ স্বৰৰজনী একে বেলিয়ে কিবা। হাতত পইছা কেইটা পৰিলেই থানবান কৰে। কালিলৈ ল'ৰাটোৰ মাচুল দিব লাগে, আজি কয় বোলে ঘৰত বজাৰ কৰিবলৈকে পইছা এটা নাই। চ’কচোন! আপোনালোকে বিয়া কৰোৱা নাই ভালকে কৰিছে। মোক ৰূপ দহোটা ধাৰলৈ নিদিয়ে কিয়—দৰ্ম্মহা পালেই আৰু বাহিৰে বাহিৰে শোধাই বামহি। সিজিনীৰ হাতত পৰিলে আৰু নাপায় জানিব।” মই যদি তেতিয়াও একো নামাতো,—“দহ টকা নোৱাৰিলে পাঁচ টকাকে দিয়ক” বুলি কয়। ল'ৰাৰ ফিৰ নামত মনটো অলপ বেয়া লাগে, টকা দিওঁ গুচি যায়। তুমিয়ে ভাবি চোৱাচোন, এই ভদ্ৰলোকজনৰ কিমানখিনি কথা এৰি দিলেও মূল প্ৰস্তাৱৰ একো ব্যাঘাত নঘটে। তোমাৰ তালৈ ৰাইটিং পেডৰ কাকত এখিলা বা লোফাফা এটা ধাৰলৈ বিচাৰি অহা ছোৱালী এজনীৰ কথালৈয়ে তুমি অলপ কাণ কৰিবাচোন। ইমানবোৰ অলাগতিয়াল আৰু অপ্ৰাসঙ্গিক কথা কোৱা স্বত্বেও এইবোৰকতো আমি পাগল নোবোলে॥ পাগলবোৰো আমাৰ নিচিনাই, সিহঁতৰ কেৱল “বেয়াৰিং” ( bearing ) ভুল, একোটা চেঁাচাতে বহুত দূৰলৈ টানে। পাগলবোৰৰ মনৰ ওপৰত সম্পূৰ্ণকৈ আয়ত্ব কৰি বহিব পৰা হলে কিজানি মনস্তত্ত্বৰ বহুত সঙ্কেত জানিব পাৰি। তুমি তোমাৰ পঢ়া কিতাপৰ মোক একোকে আভাস নিদিয়া bb
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৮২
অৱয়ব