ভাবা, ওবে দিন ভাবি ভাবি নিজক প্ৰায় অত্মহত্যাৰ বাবে সাজু কৰিব পাৰি। সেই কাৰণে মই মোৰ কথা ভাবিবলৈ এৰি দিছো। তোমাৰ কথা ভাবোঁ। তুমি ভাবিব পাৰা, এই অনধিকাৰ চৰ্চ্চা কিয়? তুমি আমাৰ দিনত কলেজত পঢ়া হলে আৰু হ'ষ্টেলৰ পৰা পলাই গৈ ‘ভাৰি’ৰ কলহ চুৰকৈ আনি থোৱা হলে বুজিলা হয়—সেই কণ ‘তাৰি’ৰ কিমান সোৱাদ। তোমালোকৰ ভাগ্যত অৱশ্যে সেইটো নাই। মই ধৰা আজি তাকেই কৰিছো, পূৰ্ব্বৰ স্বভাৱ কেনেকৈ এৰিবা! তুমি তোমাৰ চিঠিত আটাইবোৰ প্ৰশ্ন মোৰ বিষয়েহে কৰিছা। তোমাৰ বিষয়ে একো বিশেষ লিখা নাই। তোমাৰ চিঠি পঢ়িব খোজোঁ তোমাৰ সম্পৰ্কে জানিবলৈ হে। বন্ধু নহওঁ বুলি প্ৰীতি ৰাখিৰ নোৱাৰি নে,–কেভিয়াও দেখাদেখি নহব বুলি পৰস্পৰে আগ্ৰহ কৰিব পাৰি নে? মোৰ প্ৰশ্নবোৰ বোধ হয় 'লজিকেল' নহল, — এইবোৰ আকৌ গাত সানি নলবা! নিশ্চয় ইয়াত ফেলাছি আছে, নহয় জানো? তুমি বহুত দিন তোমালোকৰ ঘৰৰ খবৰ দিয়া নাই। পৃথিবীত সুখ আছে বুলি যদি মোক কব পাৰা, স্বৰ্গৰ বাটলৈ নহয় নাচালোৱে,—কি কোৱা? বহুত ছয়াময়া সাঁথৰৰ মাজেদি জীৱনটো কটাব লাগে যেন পাওঁ কেতিয়াবা। কিবা এটা স্থিৰ কৰিব পাৰিলেই তোমাক আগ্ৰহেৰে জনাম। ক'ৰবাত যেন তোমাক অলপ অন্যায় কৰিছো, কেতিয়াবা এনে যেন লাগে। ক্ষমা কৰিবা। ইতি তোমাৰ — ৭৬ প্ৰকাশ
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৭০
অৱয়ব