কিন্তু তুমি ব্যথিতা বুলি জানিয়ে বোধ হয় মোৰ কোনোবা অপৰিচিত ঠাইৰ পৰা তোমালৈ এনেবোৰ কথা ওলাইছে। যদি মোৰ নিশ্বাসৰ ছাটি তোমাৰ গাত পৰিলেহে মই তোমাৰ লগত থকা বুলি ভাবা, মোৰ প্ৰত্যেক নিশ্বাস নহয় সেই উদ্দেশ্যত এৰিম, কিন্তু সেই ভাপখিনি যেন বিষাক্ত নহয় সেইটোও মই চাব লাগিব, নহয় জানো? বাৰু, এৰা সেইবোৰ। মই এতিয়া কি কৰিছো, দুধিছা? পৰীক্ষা পাছ কৰাৰ পিছত আৰু কি কাম থাকে? বিয়াৰ কথা ভাবিছো। তুমি যদি ভাবা যে তোমাৰ বিয়াখনহে আগতে হোৱা ভাল, স্পষ্টকৈ লিখিবা। আইৰ গা বৰ ভাল নহয়। মানুহে নৰিয়াপাৰি চাবলৈ মাতে, যাওঁ, কিন্তু এই দেশত দৰপাতি পাবলৈ নাই। কিজানি কবিৰাজী শিকি অহা হলেহে ভাল আছিল, দৰব ঘৰতে কৰি ৰোগীবোৰক দিব পাৰিলো হয়। আমাৰ গাৱঁৰ পৰা সাত মাইল দূৰত এখন ডাক্তৰথানা। নৰিয়া বৰ টান হলেহে মানুহে ডাক্তৰ আনিবলৈ যায়, সৰহ টকা পালেহে ডাক্তৰ আহে আৰু ডাক্তৰ আহি পোৱাৰ আগতে সৰহভাগ ক্ষেত্ৰতে ৰোগী মৰে। ভাৰতীয়ৰ আকৌ প্ৰাণ? তাতে দুখীয়াৰ! লিভিং ট্ৰেজিডি! তোমাৰ সৰু ভাইটিৰ কথা বৰকৈ মনত পৰিছে। মোৰো এটি ভাই আছিল, কেতিয়াবা তালৈকে৷ মনত পৰে। ‘মনত পৰে' কথাষাৰ বেয়া। মই আছো দেই। অলপ অকলসৰীয়া যেন লাগিছে, কিয় ইতি জানো? তোমাৰ— প্ৰকাশ
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৪২
অৱয়ব