( ১ ) বেলশৰ অলকা, ঘৰ আহি পোৱাত কি কৰোঁ কি নকৰে। এইবোৰ উদ্বেগৰ শাম কাটি গৈছে। পৰীক্ষাৰ ফলাফল জানিবলৈ কেতিয়াবা কেতিয়াবা ব্যাকুল হৈ উঠো। প্ৰেক্টিকেলবোৰত পাছ কৰা বাতৰি পায়ে আহিছো, লিখা কাকত কেইখন সন্বন্ধে কেতিয়াবা সন্দেহ আছে। ঠেলাঠুলাত পাৰ হৈ যাম বুলিয়ে ভাবি আছো। নিজৰ যোগ্যতালৈ ভাবিলে ডিগ্ৰীটো লবলৈ ভয় লাগে, আৰু ভয় লাগে এই কাৰণে যে এইটোকে কিজানি মানুহ মাৰিৰ অধিকাৰ পোৱা 'বেজ' স্বৰূপে ব্যৱহাৰ কৰে।? ডিগ্ৰীটোৰ অৰ্থলৈ চালে নিজক ক্ষমা কৰিব পাৰি; ‘বেচেলৰ অব মেডিছন – 'বেচেলৰ' বুলিলেই বুজিব লাগিব যে অভিজ্ঞতা সৰহীয়া নহয়, — ভবিষ্যতলৈ পূৰ্ণতা পোৱাৰ আশাত বৈ আছে, নে কি কোৱা? - তোমাৰ কেখনমান চিঠি আকৌ ঘূৰাই পঢ়িলো। পৰীক্ষাৰ আগতে এইবোৰ মোকোৰা মাৰি সুমাইহে থৈছিলো,—এতিয়া তাকেই পাণ্ড- লিলোঁ বুলিব পাৰা। এতিয়া মোৰ ধাৰণা হৈছে যে তোমাৰ মন যেন কিছুমান দিনৰ পৰা বৰ সুখী নহয়। ঘৰ এৰি আহি বাহিৰত ভিমান আদৰ যত্ন নোপোৱা জনা কথা। তোমাৰ লগৰীয়াসকল তোমাৰ ভাই-ভনী নহয় যে তেওঁলোকে তোমাক তেনেকৈয়ে চাব। 88
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৪০
অৱয়ব