সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অকল দেশৰ কথাকে কয় তেতিয়া মোৰ ভিতৰে ভিতৰে এটা সন্দেহ হয় যে এইটো এওঁলোকৰ পেটৰ কথা নে? যদিওবা হয়, নিজৰ আৱশ্যকবোৰ সঠিকভাৱে ধৰিব পাৰিছে নে? ইয়াত মোৰ পুৰুষোচিত লিপ্সা, আত্ম প্ৰবঞ্চনা বা দাম্ভিকতাৰ ভাব থাকিব পাৰে, আবহমান কালৰ 'পৰা চলি অহা পাম্পাৰিক ৰীতিৰ দ ছাপ এটা মোৰ মনত থাকিব পাৰে, তথাপি মই কওঁ যে স্ত্ৰীৰ আত্মোৎকৰ্ষ আনকি সমাজৰ ফালৰ পৰাও অতি আৱশ্যকীয় আৰু প্ৰথম কৰ্ত্তব্য। তুমি কব পাৰা যে কলেজত নপঢ়িলে জানো ছোৱালীৰ শিক্ষা নহয়? “হয়, কম হয়। আজি কালি আমাৰ ঘৰৰ সংসাৰখন নিতান্ত ঠেক, স্বাধীন চিন্তাৰ বাট অতি সঙ্কীৰ্ণ। কুলাচাৰ লোকাচাৰ, অন্ধবিশ্বাসৰ প্ৰকোপ অত্যন্ত বেছি। ভাৰতীয়ৰ পৰাধীনতাৰ কাৰণ বিদেশীয়ে যিয়ে নিদিয়ক, আমিতো বুজোঁ কি। আমাৰ ভীৰুতা, দুৰ্ব্বলতা, ক্ষুদ্ৰ স্বাৰ্থ, পৰায়ণতা, এইবোৰ নহয় জানো? আমি এনে হবলৈ পালো কেনে কৈ? লৰাকালৰ পৰা নিতান্ত নিজৰ সৰু স্বাৰ্থৰ বাবে ঘূৰি, সৰু কথালৈ মনযোগ দি, কাল্পনিক বিভেদবোৰকে ডাঙৰ কৰি বয়সিয়াল অৱস্থাতো সেই একেবোৰ ভাবৰে ভাৰবাহী হৈ এই অৱস্থাত নপৰিছো নে? আমাৰ ঘৰবোৰত ডাঙৰ কথা নিশিকোঁ, সেয়ে জীৱনতো ডাঙৰ কথা আয়ত্ব নহয়। যি ঘৰত মাকে নিজৰ ল'ৰা আৰু ওচৰ চুবুৰীয়াৰ ল'ৰাক সমানে আদৰ কৰি খুৱাই ধেমালি কৰিবলৈ পঠিয়াই দিয়ে সেই ঘৰৰ ল'ৰাই ডাঙৰ হলেও লোকৰ লগত সমানে স্বাৰ্থ মিলাই কাম কৰিবলৈ শিকে আৰু যি ঘৰত মাকে বৰটো ল'ৰাক অকলশৰীয়াকৈ মাতি নি