সূচক চিন মুদ্ৰিত কৰি দিলো৷ তেওঁ যেন নতুন প্ৰাণ পালে আৰু সজীৱতাৰে স্ফুৰন্ত সঙ্কেত দিনে যে তেওঁৰ জীৱনৰ এই যেন প্ৰথম অভিষেক হল। তেওঁৰ তেতিয়াৰ ছবি মহিমা-মণ্ডিত। মই এবাৰ আত্মপ্ৰসাদত হাঁহিবলৈ চেষ্টা কৰিছিলো— কিন্তু এনেতে কোনে যেন মোক কলে যে ভিতৰলৈ মোক মাতিছে। অৰুণা শান্ত সুস্থিৰ হৈ বহিল,---মোৰ বুকু তেতিয়াও লৰি আছিল। মোৰ পলম তোমাৰ পক্ষে বোধ হয় সহ্য নহল, তুমি নিজে আগবাঢ়ি আহিলা। তোমাৰ ভৰিৰ শব্দ শুনি বাহিৰত থকা আন ৰোগীসকল আতৰি গল। অৰুণা যে কোন তৰত কেনি গল, কবই নোৱাৰিলো। তেওঁ এবাৰ ঘূৰিও নাচালে, এষাৰ মাতো নলগালে। আনবোৰ ৰোগীৰ নিচিনাকৈয়ে গল। মোৰ অন্তৰে অসহ্য যন্ত্ৰণা পালে। ময়ো বাহিৰলৈ ওলাই আহিলো,— দুৱাৰদলি পাৰ হৈয়ে তোমাৰে সৈতে দেখাদেখি হলো। তোমাৰ কোলাত নিপোটল গালৰ শিশুপুত্ৰ এটি! তুমি মোলৈ চালা উদাৰ হাঁহিৰে,—কিন্তু অন্তৰত যেন পোৰণিৰ খীণ ৰেখা। মোৰ মন তেতিয়া স্তব্ধ স্থিৰ। মই কিন্তু ব্যথাহত। এনে অৱস্থাতে সাৰ পালো। কোৱাচোন এইটোক অন্তৰঙ্গিতা বুলিবা, নে অভিনয় বুলিবা, নে এয়ে মোৰ অন্তৰৰ প্ৰকৃত পৰিচয় বুলিবা? মানুহৰ চেষ্টাৰ সাফল্য বোধ হয় ইমান খিনিলৈকে। মোৰ মৌন শ্ৰদ্ধা। ইতি Sea তোমাৰ- প্ৰকাশ
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৪৯
অৱয়ব