যদি মই তোমাক হতাশ কৰি এই ব্যৰ্থতাৰ বাটলৈ খেদিছো, মই এতিয়াও মোৰ মত পৰিৱৰ্ত্তন কৰিবলৈ সাজু আছো। তুমি মোলৈ একো লিখিব নালাগে। তুমি যেনেকৈ আছ৷ তেনেকৈয়ে থাকা, তাতে মই শাস্তি পাম। যদি তুমি কিবা বিৰুদ্ধাচৰণ কৰা, জানিম তুমি মোক ক্ষমা নকৰিলা। মোৰ আজি মনত পৰিছে তুমি এবাৰ সুধি পঠিয়াইছিলা জীৱনৰ কোনটো মুহূৰ্ত্তক মই সকলোতেকৈ মূল্যৱান বুলি ভাবোঁ। ইয়াৰ উত্তৰ মই আগেয়ে দিয়া যেন মনত নপৰে। যদি আজিও তোমাৰ শুনিবলৈ আগ্ৰহ আছে কব পাৰোঁ। যিটো মুহূৰ্ত্তত মই জন্মিলো সেইটোকে মই হতাশ নোহোৱালৈকে জীৱনৰ অতি শুভ মুহূৰ্ত্ত বুলি ভাবি আছো,— দ্বিতীয় মুহূৰ্ত্ত,— তোমাৰ স্নেহৰ পৰশ যিদিনা পাইছিলো। এই কথাষাৰ কবলৈ মই অতিকৈ টান পাইছো,—কিন্তু তুমি যেন মোক ভুল মুবুজা সেয়ে কবলৈ বাধ্য হৈছো। ভীষ্মই বাছি থোৱা শৰ যিমানে দুৰ্য্যোধনক চিনাইছিল তিমানে দুৰ্ব্বল হৈ গৈছিল। তুমি অৱশ্যে মোৰ দুৰ্য্যোধন নোহোৱা, এয়ে সান্ত্বনা। ইতি তোমাৰ — প্ৰকাশ
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৪২
অৱয়ব