সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়াটো নিগিলে সেইটোলৈ অৱশ্যে চাবা। বিঘিনি আহুকাল সকলো ঠাইতে আছে অকল কলেজতে নহয়। আমি যদি কলেজত দিয়া শিক্ষা ভাৰতীয় ৰমণীৰ পক্ষে প্ৰকৃত শিক্ষা নহয় বুলি কওঁ, বা ছোৱালীক পঢ়ৱোৱাৰ অৰ্থ পখিলী কৰা, এনেবোৰ অভিমত প্ৰকাশ কৰোঁ, এনে অৱস্থাৰ বাবে জগৰীয়া কোন? নিশ্চেষ্ট, ‘মুখেন মাতি‍ জগৎ'—এই পুৰুষবোৰ নহয় নে? - তুমি, তোমালোকৰ ঘৰৰ খবৰ বাতৰি একোকে লিখা নাই। তুমি যদি এই দীঘলীয়া আহৰিৰ সময়ত মাহীয়েৰাৰ তালৈ ফুৰিবলৈ যোৱা যাবা, ভাল কথা। সংযোগৰ তাঁৰডালি নাকাটিবা কিন্তু, পাৰিলে টানকৈ নেপেলাবা। বৈজ্ঞানিকৰ ভাষাত কবলৈ হলে মোৰ উশাহৰ ভালেখিনি অম্লজান তোমাৰ জৰিয়তে আহে। প্ৰীতিৰে সৈতে। ইতি তোমাৰ— প্ৰকাশ