কমে উত্তৰ দিছিলো কব নোৱাৰোঁ, আজি মোক এইবোৰ প্ৰশ্ন সোধা হলে বোধ হয় ঠিক উত্তৰ দিব পাৰিলো হয়। তেনে উত্তৰ ত্তে পৰে নেকি কব পৰা নাই। তোমাৰ ভাগতো এতিয়া মই যে কি ভাল নাপাওঁ তাকেহে কব নোৱাৰোঁ। মই কথা কবলৈও ভাল পাওঁ, নিস্তব্ধতা ও ভাল পাওঁ। মই ব’দে৷ ভাল পাওঁ, বৰষুণো ভাল পাওঁ। মই চিঠি লিখিবলৈকো ভাল পাওঁ, পাবলৈকো ভাল পাওঁ। অৰুণাৰ কথা পাহৰিবলৈকো ভাল পাওঁ, মনত কৰিবলৈকো ভাল পাওঁ। তোমাৰ খং তুলিবলৈকে৷ ব্যস্ত হওঁ, মনত আঘাত পাবা বুলি ভাবিও কাতৰ হওঁ। চিকিৎসাতকৈ স্বাভাৱিক উপায়েৰে ৰোগীবোৰ ভাল হোৱাকে ভাল পাওঁ আৰু চিকিৎসা কৰিবলৈকে৷ যাওঁ। নাচিবলৈ ভাল পাওঁ, কিন্তু হুমুনিয়াছো আহে। বৰষুণত ঘৰৰ ভিতৰ সোমাওঁ, কিন্তু বহুদিন ভিতিবলৈ পোৱা নাই বুলিও দুখ আহে। এয়ে মোৰ ভাল পোৱা বেয়া পোৱাৰ ধৰণ। কোন বস্তুৰ কি ভাল পাওঁ?—এইটো দুৰ্ব্বোধ্য প্ৰশ্ন। তুমি যদি কিবা কথা খাতাংকৈ জানিব খুজিছা মোক ববং তাকে শুধিবা। এনেবোৰ প্ৰশ্নৰ জালেৰে মোক নাবান্ধিবা। মই ‘ইৰিটেটেড হৈ গৈছো। কিন্তু ধনুৰ্ভঙ্গ পণ কৰি তোমাৰ আগৰ পৰা পলাম কিয়? মই যি ভাবো তাকে কওঁ,—তোমাৰ প্ৰশ্নৰ লগত যদি নিমিলে সেইটো তোমাৰ লোকচান। মই ভাল পাওঁ শিৱদৌলৰ কলচিৰ আগটো— সেয়ে সোঁৱৰাই দিয়ে যে এসময়ত অসম প্ৰতিপত্তিশালী আছিল। মই ভাল পাওঁ কামাখ্যাৰ মন্দিৰটো—সেয়ে কয় যে অসমৰ ভাস্কৰ্য্য ১৩৩
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১২৭
অৱয়ব