বোধ হয়, ক্ষমা কৰিবা। পালে পাবৰ ইচ্ছা ক্ৰমে বাঢ়ি যায়। নিৰস্ত কৰাই ভাল বুলি তোমাৰ চিঠিত যেন মোলৈ টানকৈ লিখা।
ঘৰৰ পৰা বহুত দিন চিঠি-পত্ৰ পোৱা নাই, সেই কাৰণেও মনটো অলপ অধীৰ হৈ আছে। মই আহিবৰ সময়ত আইৰ গা ভাল নাছিল, তেখেত বহুত দিনৰ পৰা শুকাই খীণাই আহিছে—এই কাৰণেই মন বেছি উদ্বিগ্ন হৈ আছে। তুমি ওচৰত থকা হলে কথাপাতিও কিজানি অলপ মনটো পাতলাব পাৰিলোহেঁতেন। তুমি যদি বতাহৰ বোকোচাত ভৰ দি আহিব পাৰিলা হয় আৰু মই পুৱাতে মোৰ কোঠাৰ খিৰিকি মেলি দিয়াৰ লগে লগে তুমি যদি পুৱাৰ বতাহ ছাতিৰ লগত সূৰুষৰ কোমল হেঙুলী আভা লৈ সোমাই আহিলা হয়, মই কেনে আচৰিত আৰু মুগ্ধ হলো হয়। লৰালৰিকৈ তোমাৰ বাবে একাপ চাহ আনিবলৈ মেছৰ চাকৰক হুকুম দিলো হয়। তুমি চাগৈ হাঁহি কলা হয় — "ব্যস্ত নহবচোন”। মোৰ এখন মাত্ৰ চকিত পৰি থকা খালি চিগাৰেটৰ বাকচটো বাহিৰলৈ দলিয়াই পেলাই হাতেৰে চকিখন মোহাৰিবহিবলৈ কৈ হাতত ‘টুথ-পেষ্টৰ’ নলি আৰু ‘টুথ-ব্ৰাছ'লৈ মই ওলাই গলো হয়, গামচা নিবলৈ পাহৰি তিতা মুখেৰে সোমাই আহি দেখিলো হয় যে তুমি মোৰ কাপোৰকানিবোৰ ভালকৈ থৈ লাহে লাহে হাঁহি আছা। মই মোৰ কোঠালীৰ দুৱাৰখন জপাই দিলো হয় এই ভয়ত, কিজানি মোৰ কোনোবা মেছৰ সঙ্গীয়ে চকুৰে চাই তোমাৰ এচমকা সৌন্দৰ্য্য আৰু সুমিষ্টতা লৈ যায়। কিবাখন কলো নেকি, ——পাহৰি যাবা।
চিঠি দিবা। ভাল দেই। ইতি
তোমাৰ ——
প্ৰকাশ
১৫