bo ৰামায়ণ বামক দেখিয়া লোক ভৈল আনন্দিত। পাশবিল দুখ যেন পিয়া পঞ্চামৃত॥ ২৫৫৩ চতুবঙ্গ দলে ৰঙ্গে বেঢ়িয়া থাকিল। পাত্ৰ সবে ৰাঘৱৰ সমীপ চাপিল॥ শত্ৰুবন ভৰত হুমন্ত্ৰ গুহবাজ। ইন্দ্ৰক বেঢ়িয়া যেন দেৱতা সমাজ॥ ২৫৫৪ নমাতি আছন্ত বসি ৰঘুবংশ নাথ। গাৱ চালি ভবতে জুবিলা জোবহাত॥ শুনিয়োক প্ৰাণ দদা মন্যু পৰিহৰি। শ্ৰীৰামে বোলন্ত শুনা ভৰত কুমৰ। তোমাৰ মুখত আসে অধৰ্ম্ম উত্তৰ॥ হুয়া তুমি কনিষ্ঠ ভাণ্ডিতে মোক চাহা। চাপচুপে এৰিয়া দেশক চলি যাহা॥ ২৫৬১ সাফল ভৰত ভাই স্বৰ্গপথ সায়। পিতৃ আজ্ঞা বোলায়া ৰামক নিতে চায়॥ ইসব বচনে আৰ আমাত নোশোভে। পিতৃসত্য বাধিবোহো ৰাজ্যভোগ লোভে। ২৫৬২ আছিলেক মান্ধাতা ইন্দ্ৰকো দিল ধাৰ। লৈয়ো আপনাৰ ৰাজ্য অযোধ্যা নগৰী॥ ২৫৫৫ | কৰিলেক কাল সৰ্পে তাহাঙ্কে৷ সংহাৰ॥ আমি নথাকন্তে মাৰ কৰিলন্ত দোষ। চবণত ধৰো এবিয়োক অসন্তোষ | পিতৃসম ভাই তুমি মোৰ গুৰুদ্ৰে। হিৰণ্যকশিপু সম নাছিলেক কেৱ৷ তোমাৰ চৰণ ছাবি গতি নাহি কেৱ॥ ২৫৫৬ | বাহিলেক সকলে ত্ৰিদশ কোটি দেৰ॥ ধৰ্ম্মত থাকিয়া আমি নকৰোহো দণ্ড। মাতৃক যে কাটিয়া নকৰো খণ্ড খণ্ড॥ নিষ্ফল জীৱন মোৰ কৈকেৰী আই। যেন কাক জীৱন বলিৰ ভাত খাই॥ ২৫৫৭ তোমাৰ দ্ৰোহত মাতৃ দৈবে পাইলে ফল। সবাহাঙ্কে শোক দিয়া গৈল ৰসাতল॥ গুছায়োক বল্বল তেজিয়ো জটাভাব। সকালে পিন্ধিয়ো ৰাজযোগ্য অলঙ্কাৰ॥ ২৫৫৮ মোত যেবে দয়া দদা আছয় তোমাৰ। ঝাণ্টে গৈয়া লৈয়োক অযোধ্যা ৰাজ্যভাৰ॥ কৰিলন্ত নৃপতিয়ে পাত্ৰক আদেশ। ভৰতে বনত গৈয়া হৈবেক প্ৰবেশ। ২৫৫৯ শ্ৰীৰামক বাপসম দেখয় ভৰত। বনবাস খাটি মোৰ পালিব শপত॥ ৰাঘৱক আনিয়া দিবেক সব দেশ। হেনয় বুলিয়া ভৈল প্ৰাণ অৱশেষ॥ ২৫৬০ নৰসিংহ ৰূপে তাকো কৰিল সংহাৰ। কমন মুগুধে জীৱনক দেখে সাৰ॥ ২৫৬৪ হেন বুলি ৰামদেৱ ৰৈলা মৌন হুই। থাকিলন্ত ভৰত জাণ্টিয়া পদ দুই॥ বাপ এৰি গৈলা তুমি খাটিবাহা বন। এবেসে জানিলো মোৰ মিলিল মৰণ॥ ২৫৬৫ ভৰত থাকিলা যেবে বিষাদিত মনে। ৰামক মাতিলা পাচে জঞ্জালী ব্ৰাহ্মণে॥ ইটো ৰঘুবংশত তুমিসে ভৈলা সাৰ। সত্য পালি কৰিবাহা বংশক উদ্ধাৰ॥ ২৫৬৬ শুনিয়োক ৰাঘৱ তোমাত বোলে কাজ। সত্যে সত্যে কৈকেয়ী তোমাক দিল ৰাজ॥ পালিলা নিশ্চয়ে তুমি বাপৰ বচন। দেশ চলা ভৰতে খাটিব সত্যে বন॥ ২৫৬৭ তুমি যেবে হেন সত্য ধৰ্ম্মক এৰিবা। ৰহিব দুল্কীৰ্ত্তি তাক কমনে খণ্ডিবা॥ সগৰ নৃপতি তেহো খনাইল সাগৰ। যমৰ এৰাইতে ধাৰ নভৈল নাগৰ॥ ২৫৬৩
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৮৮
অৱয়ব