ৰামায়ণ তই মোৰ যিমত ভৰতো সেহি নয়। তাক মন্দ বোলা মোৰ দুখ সে জনয়॥ ২৫১৩ ভৰতক কষ্ট আৰো নকৰিবি তই। যি কাজে ভৰত আসে ভালে জানো মই॥ অযোধ্যাত নিয়া মোক নৃপতি পাতিব। মোৰ বনবাস সিটো আপুনি খাটিব॥ ২৫১৪ মোক চাই হাসে দেখ ঘোটক বাপৰ। শত্ৰুঞ্জয় নামে পাট হস্তী ভয়ঙ্কৰ। আক দ্ৰোহ কৰিলে বাপৰ দ্ৰোহ হয়। সত্য ধৰ্ম্ম নাশি সিটো পাতক সাঞ্চয়॥ ২৫১৫ আনো সব প্ৰজ৷ মোক নিবাক আসয়। দশোদিশে ৰাম ধ্বনি শুনো জয় জয়॥ শুনি ৰাঘৱৰ পাচে নিষ্ঠুৰ বচন। লাজ পাইয়া হেট মাথে ৰহিলা লক্ষ্মণ॥ ২৫১৬ আপোনাক আপুনি কাটিলা যেন মত। ৭৬ সীতায়ে ৰামৰ গলে সাৱটি ধৰিল। বীৰত্ব বচনে বামে আশ্বাস কৰিল॥ বাঘৰে বোলন্ত লগাই বাৰ্ত্তাক নপাইল। কমন নৃপতি মৃগ মাবিবাক আইল॥ ২৫০৬ শীঘ্ৰ কৰি চলা হাতে ধনুশব ধৰি। সুধি আসি আমাত কহিয়ো জাণ্ট কৰি॥ ৰামৰ বচন নেবে পৰিতোল পাইল। শালবৃক্ষে চড়িয়৷ লক্ষ্মণ বীৰে চাইল॥ ২৫০৭ দেখে চতুৰঙ্গ দল বন জুৰি আইল। প্ৰলয় কালৰ যেন সাগব জন্তাইল॥ হেন দেখি লক্ষ্মণব বিয়াকুল মন। বৃক্ষ হন্তে নামি আসি জনাইল তেখন॥ ২৫০৮ শুনিয়োক দদা আমি অনুমানি পাইল। ভৰতে সেনাক সাজি মাৰিবাক আইল॥ মাৱেকৰ হাতে ৰাজ্য লৱাইলেক মাগি। তোমাক পঠাইলে ঘোৰ বনবাস লাগি॥ ২৫০৯ তথাপি নভৈল ক্ষম৷ মাৰিবাক চায়। মাৰিবে৷ ভৰত 'আজি জীয়ন্তে নযায়। ভৰত বিশিষ্ট হেন বুলি আছা বাণী। পানীৰ কণ্টক যেন বিন্ধিলেসে জানি॥ ২৫১০ আততায়ী ভৰতক কাটিবো সম্বলি। কৈকেয়ীক মাৰিবোহো পুত্ৰ শোকে পুলি॥ হাতী ঘোৰ৷ ৰথ সেনা মাৰো নিৰন্তৰ। শোণিতে কৰিবে৷ আজি নদী ভয়ঙ্কৰ॥ ২৫১১ অযোধ্যাত পাতো নিয়া নৃপতি তোমাক। দিয়া অনুমতি মোক নিদিবাহা হাক॥ বধোহে৷ তোমাৰ শত্ৰু কিছু দোষ নাই। ৰাঘৱে বোলন্ত বাপু শুনিয়ে| লখাই॥ ২৫১২ জানো মোত ভকতি কবিস শুদ্ধমতি। ভৰতক দোষ ভাই নিদিবি সম্প্ৰতি॥ ধন্য ৰাম ধন্য বাম বোলন্ত মনত॥ অনন্তৰে গুহ ৰাজা গুণিলা মনতে। ভৰতৰ চিত্ত নুবুজিয়া ভাল মতে। ২৫১৭ সৈন্য সমন্বিতে ভৰতৰ লাগ ধৰো। ভাল মন্দ জানি পাছে তাৰ কাজ কৰো। এহি বুলি গুহ যমুনাৰ পাৰ ভৈল। আতি শীঘ্ৰে বেগে ভৰতব লাগ লৈল॥ ২৫১৮ ভৰত আৰু শ্ৰীৰামৰ মিলন। ৰাম পাশে ভূমি পাৱে চলিলা ভৰত। শত্ৰুঘনে সুমন্ত্ৰয়ে চলন্ত পাচত॥ সুধি সুধি যান্ত বাৰ্তা তপসী লোকত। ধোঁৱা দেখিলন্ত মন্দাকিনীৰ পাৰত॥ ২৫১৯ ৰামৰ আশ্ৰম গৈয়া পাইলা ধীৰে ধীৰ। বাহিৰৰ পৰা চাইল৷ কৰি আখি থিৰ॥
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৮৪
অৱয়ব