কৌশল্যাৰ কোলে দুখে আছন্ত ভৰত। তপত খোলাত কৰে মাছ যেনমত॥ মন্দকৰ্ম্মে মাৱৰ শৰীৰে দেই তাপ। সুৰাপান কৰি যেন দ্বিজৰ সন্তাপ॥ ২৩১৫ আশেষ কৰন্ত শোক কৌশল্যাৰ ঠাৰে। পিতৃশোক বহ্ণি যেন জ্বলে তান গাৱে॥ - বশিষ্ঠাদিৰ আগমন আৰু ৰাজাৰ প্ৰেতকাৰ্য্যৰ ৰামায়ণ সূৰ্য্য অস্ত গৈল নিশা দুখ বৰ পাইল। বৰিষ সমান তান ৰজনী পোহাইল॥ ২৩১৬ প্ৰভাতে বশিষ্ঠ গুৰু চালিলন্ত গাৱ। মন্ত্ৰী পাত্ৰ লৈয়া গৈলা ভৰতৰ ঠাৰ॥ দশৰথ ৰাজাৰ দেখিলা বাসঘৰ। ইন্দ্ৰ নাহিকন্ত যেন স্বৰ্গৰ ভিতৰ॥ ২৩১৭ পাত্ৰ সব দেখিলা ৰাজ্যৰ মহাহিতে। ভৰতে বোলন্ত আইলা আমাক দেখিতে॥ বাপ ভাইৰ দ্ৰোহিয়া আমাৰ নাহি গতি। কৈকেয়ী মাৱে কৈলা চাণ্ডাল সঙ্গতি॥ ২৩১৮ তেজিলোহে৷ ৰাজ্যধন সবে বন্ধুজন। বিনে বাপ ভাই মোৰ নিস্ফল জীৱন॥ হেন বুলি ভৰত ভূমিত পৰিলন্ত। পাত্ৰ সবে দেখিয়া ক্ৰন্দন কৰিলন্ত॥ ২৩১৯ বশিষ্ঠ বোলন্ত দশৰথৰ তনয়। তোমাৰ কিসক ইটো সন্তাপ জ্বলয়। পিতৃকাৰ্য্য কৰিয়া লৈয়োক ৰাজ্যপাট। খণ্ডোক লোকৰ দুখ দুৰ্গতি ললাট॥ ২৩২০ আছিলন্ত ভূৰিদ্যুম্ন ৰাজা ৰবিতলে। গৈলন্ত স্বৰ্গক আপোনাৰ কৰ্ম্মফলে। সকলে কুটুম্বে পাছে শোকে কান্দিলন্ত। সিকাৰণে পুণ্য ক্ষয় হইয়া পৰিলন্ত॥ ২৩২১ হেন জানি শোক তুমি কৰা উপশাম। ত্বৰিতে দেখিয়া সীতা লক্ষ্মণ শ্ৰীৰাম॥ স্বৰ্গে গৈল দশৰথ ৰাজা শুদ্ধভাৱ। ক্ৰন্দন কৰিয়া তাঙ্ক পেলাইবাক চাৰ॥ ২৩২২ ভৰতে বোলন্ত হেন কিয় বোলা মোক। মাৱে থৈলা অপযশ কিমতে গুচোক॥ পিতৃৰ কৰিবে৷ আমি দশপিণ্ড কাজ। কৰিবে৷ ৰামক সেবা নলাগয় ৰাজ॥ ২৩২৩ হেন শুনি বশিষ্ঠ মনত ৰঙ্গ ভৈলা। ভৰতক লৈয়া মৰাশৰ পাশে গৈলা॥ মবা বাপ দেখিলন্ত কৈকেয়ীৰ হত। দুই ভাই লুটি পৰি কান্দিলা বহুত॥ ২৩২৪ তৈল হন্তে নৃপতিক তুলিলন্ত কোলে। দুই ভাই নিয়া থাপিলন্ত চতুৰ্দ্দোলে। অগুৰু চন্দনে দেহা ভূষিত কৰাইল। সব অলঙ্কাৰ নিয়৷ গাৰত চড়াইল॥ ২৩২৫ আগে পাছে বহন্ত ভৰত শত্ৰুঘনে। দুইপাশে ধৰিল৷ ৰাজাৰ বন্ধুজনে॥ মুখ্য মুখ্য নৃপতিৰ যত বন্ধুলোকে৷ ৰাজাক দহিতে লাগি চলি গৈলা শোকে॥ ২৩২৬ ৰাজাক থাপিল৷ নিয়া নদীৰ তীৰত। বেঢ়িয়া কান্দন্ত মহাদই লোক যত। হা প্ৰভু আমাৰ টিকৰ নিজ নাহা। আমাক তেজিয়া তুমি কৈক লাগি যাহা॥ ২৩২৭ মুকুট কুণ্ডল শোভে বিবিধ মণ্ডল। হাসো হাসো কৰে আতি ৰাজাৰ বদন | মহাদই সবে ক্ৰন্দন কৰে আগে। উত্তৰ নেদন্ত যেন মনত বৈৰাগে॥ ২৩২৮
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৭০
অৱয়ব