অযোধ্যাকাণ্ড মলিন বস্ত্ৰক পিন্ধি কৰে নৰে শোক। কিকাৰণে অভিনন্দা নকৰয় মোক॥ হেন বুলি প্ৰবেশিলা অন্তেষ পুৰত। দুৱৰী দেখিয়া মাথা নমাইল দূৰত॥ ২২৪২ ঝাতঝিত কৰে দেখো অযোধ্যা নগৰী। বুলিলন্ত ভবতে বিষাদ মন কৰি॥ নাশ হেতু ৰাজাৰ দেখিলো বিমঙ্গল। সি সব অনিষ্ট স্বপ্ন মিলিল সকল॥ ২২৪৩ প্ৰজাসবে মোক মাথা তুলিয়া নচায়। চকু দুই টেৰ কৰি পিঠি দিয়া যায়। আশেষ বিষাদে বাজ ওৱাবিক পাই। ঝাণ্ট কৰি বগৰ নাহিল৷ দুয়ো ভাই॥ ২২৪৪ আগে বেথে পাইলন্ত বাপৰ নিজ ঠাই। হাতীশাল শূন্য-যেন মত্ত গজ নাই॥ নেদেখিয়৷ বাপক বিকল দুয়ো ভৈলা। মাৱৰ থানক শীঘ্ৰে চাহিবাক গৈলা॥ ২২৪৫ কৈকেয়ীৰ পৰা সকলো বৃত্তান্ত শুনি ভবতৰ ক্ৰোধ। পুত্ৰক দেখিয়া পাছে ভৰতৰ মাৰ। কৌতূহলে আসনৰ চালিলন্ত গাৰ॥ মাৱক দেখিয়া কিছু সহৰিস মন। পাৱে পৰি প্ৰণাম কৰিল৷ তেতিক্ষণ॥ ২২৪৬ দুই বাহু মেলি মাৱে সাৱটি ধৰিল। গ্ৰীৱত সাৱটি মুখে চুম্বন কৰিল॥ যুদ্ধাজিত ভাতৃৰ কুশল বাৰ্ত্তা কহ। ভালে কিবা আছন্ত তোমাৰ মাতামহ || ২২৪৭ কল্যাণে আছন্ত মোৰ সৈহৰীৰ লোক। কিবা বস্তু সন্দেশ পঠাইল দিয়া মোক॥ আমাৰ বাপৰ দেশ অনেক বিদূৰ। কৈসানি এৰিলা বাপ গিৰিবজ্ৰপুৰ॥ ২২৪৮ পথত কতেক দিন ভৈগৈল প্ৰবাদ। তোক দেখি বাপ মোৰ শৰীৰ উল্লাস॥ ভৰতৰ মাৰে যাৰ কল্যাণ ইচ্ছন্তি। সকলে কুটুম্ব মাৱ সকলে আছন্তি | ২২৪৯ সাত দিনে ভৈলো আসি অযোধ্যাপুৰত। 89 তোমাৰ সন্দেশ আছে কতোহে৷ দূৰত॥ আনিল বাপৰ দূতে সত্বৰ গমন। সিকাৰণে পাছে এৰি আইলে| যত ধন॥ ২২৫০ মলিন দেখোহো কেনে অযোধ্যানগৰা। বিয়াকুল মন মোৰ কোৱা ঝাণ্ট কৰি॥ শূন্য নগৰীক মই আসিলোহো চাই। দিবসৰ চন্দ্ৰ যেন তাৰাগণ নাই॥ ২২৫১ পতাকা নলড়ে যেন বিজুল চটক। লণ্ড ভণ্ড পুৰী দেখো উৎপন্ন কটক॥ শুনিয়োক মাৰ কথা কহিয়োক তত্ত্ব। আছে পিতৃ দশৰথ কমন গৃহত॥ ২২৫২ তোমাৰ থানত পিতৃ আছে হেন আশে। আসিয়া দেখোহে৷ কিন্তু নাহি তবু পাশে॥ আমাৰ বাপক কোন থানে ভেট পাইবে। উতপাত কৰে মন তেবেসে জুৰাইবো॥ ২২৫৩ ভৰতব বোল শুনি লাজ পৰিহৰি। কহিবাক লাগিলা মনত ৰঙ্গ কৰি॥
- নুশুনিলি বাপু তই ভৈল কাজ যত।
মাজ নিশা মৰিল নৃপতি দশবগ॥ আপোন সুকীৰ্ত্তি কৰি চলিলন্ত স্বৰ্গ। অনাথ কৰিল৷ আপোনাৰ বন্ধুবৰ্গ॥ ২২৫৪ হেন শুনি ভৰতে তেজিল! দীৰ্ঘবাৱ। যেন বজ্ৰপাত মাথে মোহিত স্বভাৱ॥ হা মোৰ পিতৃ তুমি কেনে গৈলা যমে। কান্দিলা অনেক কৰি শত্ৰুঘন সনে॥ ২২৫৫