সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(to) দ্ৰোণ! তুমি যে এনে নিৰ্দয়, এইকথা সপ্নতো ভাবা নাছিলো। এতিয়া, অন্তিম কালত কি উপায়েৰে মহাৰাজৰ উপকাৰ কৰোঁ? [ ৰথচক্ৰ হাতত লৈ ] এই চক্ৰই মোৰ একমাত্ৰ অস্ত্ৰ; দেখা যাওক ইয়াৰে কিমান দূৰ হয়। [ সপ্তৰৰ্থীৰ প্ৰবেশ ] দুৰ্য্যোধন—কি বালক! তোৰ দৰ্প গল হবলা? কুৰু- কুল নিৰ্ব্বংশ নকৰনে? আহ্, যদি তোৰ শক্তি থাকে! আজি তোক জীয়াই নেৰোঁ। অভি—-কি আশ্চৰ্য! আপোনালোক ইমান নিলাজ। বাৰে ২ পলায় গৈ প্ৰাণ ৰক্ষা কৰিলে, কিন্তু এইবাৰ সাৰি যোৱা টান হব। আপোনালোকৰ কাপুৰুষতা দেখি পৃথিবী স্তম্ভিত হল। এনে অন্যায় যুদ্ধ কৰা মহা পাপৰ ভাৰ পৃথিৱীয়ে নসহিব। মোৰ মৰণত পাণ্ডৱৰ বিশেষ হানি নহয়; কিন্তু এই অন্যায় যুদ্ধৰ খবৰ পাই ভীম, অৰ্জুন বেতিয়া ক্ষুধিত ৰ দৰে আছিব, তেতিয়া আপোনালোকক ৰক্ষা কৰোঁতা বীৰ ত্ৰিভু- বনত নোলাব। তেওঁলোকৰ প্ৰহাৰত তেওঁলোকৰ প্ৰহাৰত কুৰুসৈন্যই ফৰিঙ্গ জাহ দিয়াদি জাহ দিব। কাৰ সাধ্য নিবাৰণ কৰে! চন্দ্ৰ যদি দিনত ওলায়, পূবৰ সূৰ্য্য যদি পশ্চিমে উদয় হয়, সতী তিৰোতাই যদি স্বামী পৰিত্যাগ কৰে, তথাপি ভীম অৰ্জ্জুনৰ পৰাভৱ নাই। স্বৰ্গৰ ইন্দ্ৰ, পাতালৰ অনস্তুত শৰণ ললে ও আপোনালোকৰ নিস্তাৰ নাই। সাগবত লুকাই থাকিলেও ভীম অৰ্জ্জুনে বিচাৰি ২ বধ কৰিব। মই নৱ-দুৰ্ববাদল-শ্যাম