সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 99 )

অৰ্জ্জুন পুত্ৰ সামান্য বালক এটাই আপোনাৰ কি দুৰ্গতি কৰিলে। নিবস্ত্ৰ বালকৰ যুদ্ধত আপোনাৰ এই দুৰ্দশা! এই পাপৰ পৰাই অৰ্জ্জুনৰ হাতত আপোনাৰ মূৰ যাব। নিলাজ প্ৰবঞ্চক, কুৰ বুধীয়া শকুনি! এই এটাই কুমন্ত্ৰণা তোৰপৰাহে হৈছে। এই তৰোৱালেৰে আজি তোৰ মূৰ কাটি পাণ্ডুকুল নিস্তাৰ কৰিম। ক্ষন্তেক ৰবি; নপলাবি। পলালেও অচিৰে নাক-কাণ কাটা গৈ, নানা দুৰ্গতি ভুঞ্জি ভুঞ্জি মৰিবি। পাপাচাৰী জয়দ্ৰথ! তোমাৰ মূৰ মাটিত বাগৰি ফুৰিব। ভীৰু দুশাষণ! এই পাপে ভীমে অচিৰে তোমাৰ ৰক্তপান কৰিব। গুৰু কৃপ! গুৰু অশ্বত্থমা! আপোনাদো কৰে৷ এই ধৰ্ম্ম! আপোনা- লোকৰ এই কলঙ্ক যাবৎ-চন্দ্ৰ-দিবালৈ থাকিব। অভিমানী দুৰ্য্যোধন! আজি ম‍ই তোমাৰ বংশ নাশ কৰিলে৷; অচিৰে ভীমে ধৃতৰাষ্ট্ৰৰ বংশ নাশ কৰিব; কাৰো ৰাখিবৰ সাধ্য নাই। দুৰ্য্যোধন— গুৰুদেৱ, মামা, সখি কৰ্ণ আৰু সহ্য নহয়। এতিয়াই ইয়াক বধ কৰা। জয়দ্ৰথ —মহাৰাজ! এই বালকক এতিয়াই বধ কৰিম, তাৰ বিবন্ধী শক্তি! তই আজি আকৌ ঘৰলৈ নিমিত্তে চিন্তা নকৰিব। যাব আশা কৰিছনে? আজি তোৰ মৃত্যু ধুকপ। আহ, যুদ্ধ দে। 9/3P PFP [ যুদ্ধ আৰু সপ্তৰথীৰ পলায়ন ] অভি—উঃ! শৰীৰ অবশ হৈ আহিল; শৰৰ বিষে ব্যথিত কৰিলে, ৰথ নাই, সাৰথি নাই, ধনু-অস্ত্ৰ নাই। গুৰু