পৃষ্ঠা:অনিমা গুহ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্বদেশলৈ প্ৰত্যাৱৰ্তন : বাংলাদেশ নিৰাপদ নহয় বুলি বহুতে কৈছিল, কিন্তু আমাৰ অভিজ্ঞতা সম্পূৰ্ণ বিপৰীত। কক্সবাজাৰৰ পৰা ওভতনি যাত্ৰাত নাইটছুপাৰত পৰম নিশ্চিন্তমনে ঢাকালৈ আহি আছিলো এনেতে মন কৰিলো একেলগে অহা এশাৰী নাইটছুপাৰৰ গতি স্তব্ধ হৈ পৰিছে। কোনে ৰখালে, কিয় ৰখালে খা-খবৰ কৰি কাৰণটো জনাৰ লগে লগে আমাৰ মগজু অচল হোৱা যেন পালো। গাৰ তেজ হিম হৈ আহিল। সন্মুখৰ বাছখনত হেনো ডকাইত উঠিছে। আমি পাছপৰ্টবোৰ আৰু কিছু টকা লুকুৱাই ৰাখি তেৰাসকলৰ আগমনলৈ বাট-চাই থাকিলো। শুভাকাংক্ষীসকলৰ বাধা নুশুনি মৰসাহ কৰি আহিছিলো, এতিয়া পা মজা, নিজকে ক’লো। খিৰিকীৰে জুমি চাই দেখিলো নাইটছুপাৰৰ কনভয়টো যথেষ্ট দীঘলীয়া৷ আচৰিত হৈ মন কৰিলো যাত্ৰীসকল নিঃশব্দে বহি আছে, ডকাইতসকলেও হাল্লা কৰা নাই। দুয়োপক্ষই ডিচিপ্লিনড্। বোধকৰো পিষ্টল দেখুৱাই লুট কৰি আছে। বলিৰ পঠা ছাগলী যেন লাগিছিল নিজকে। এটা সময়ত ডকাইতৰ দলটো আহি ড্ৰাইভাৰৰ লগত কথা পতাত লাগিল। ডকাইতো ইমান ভদ্ৰ নে! পিছে গম পালো কথা বেলেগহে। সিদিনা আছিল বাছ ধৰ্মঘট। গতিকে তেওঁলোকে গাড়ী অচল কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। অৱশেষত এটা চৰ্তত মুক্তি পোৱা গ'ল। দোকমোকালিতে ঢাকা গৈ পোৱাৰ পাছত যেন চালকসকলে ষ্টিয়াৰিঙত হাত নলগায়। আমি স্বস্তিৰ নিঃশ্বাস কাঢ়িলো।

 পিছদিনা দিনটো ঢাকাৰ দৰ্শনীয় ঠাইবোৰ — তাৰ ভিতৰত এটা আছিল শ্বেখ মুজিবৰ ৰহমানৰ ধানমণ্ডিৰ গুলীৰে থকাসৰকা কৰা অভিশপ্ত গৃহটো। ইয়াতে তেওঁক সপৰিয়ালে হত্যা কৰিছিল আততায়ীসকলে। আঠবছৰীয়া ৰাছেলৰ আৰ্তনাদ যেন শুনিবলৈ পাইছিলো তাত থিয় হৈ। সুদীৰ্ঘ পঁইত্ৰিশ বছৰ পাছত সম্প্ৰতি অপৰাধীসকলে মৃত্যুদণ্ড পালে।

 গধূলি ভাৰত সীমান্তমুখী বাছখনত উঠাৰ দহ মিনিটমান পাছত শেষৰ শাৰীৰ যাত্ৰীসকলৰ মাজত কোহাল শুনিবলৈ পালো। হঠাতে গাড়ীৰ গতি ধীৰ হ’ল, নামি গ’ল কেইজনমান মানুহ। যাত্ৰীসকলে গাড়ীৰ চালকজনক পিটিবলৈ উদ্যত হ'ল। নামিবলৈ সুযোগ পোৱা মানুহকেইজন আছিল সঁচাকৈয়ে ডকাইত। সীমান্তলৈ যোৱা মানুহৰ হাতৰ পৰা বৈদেশিক মুদ্ৰা কাঢ়ি লৈ নিশ্চিন্তমনে পলাল সিহঁত। চালকৰ লগত যোগাযোগ আছিল বুলি সন্দেহ কৰি নিকটৱৰ্তী থানালৈ গাড়ীখন লৈ যোৱা হ’ল। তাত পুলিচৰ প্ৰহাৰত ড্ৰাইভাৰ আৰু কণ্ডাক্টৰৰ পিঠি হ’ল চিৰাচিৰ। সিহঁত বন্দী হ’ল লকআপত আৰু আমি মহৰ কামোৰ খাই বন্দী হৈ ৰ’লো চালকহীন গাড়ীত।

বাকীছোৱা জীৱন /৯৫