পৃষ্ঠা:অনিমা গুহ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘জাউ’ হ’ল তেওঁলোকৰ জাতীয় উষ্ণ পানীয়, চাউলৰ পৰা ঘৰতে তৈয়াৰ কৰা হয়। আলহীক তেওঁলোকে স্পেচিয়েল ‘জাউ’ খুৱায়। আদৰ-আপ্যায়নৰ বিষয়ে থুলমূলকৈ কোৱা হ'ল। এইবাৰ কোৱা যাওক তালৈ গৈ কি কি তথ্যপাতি আহৰণ কৰিলো।

 থলুৱা চিকিৎসা পদ্ধতিৰ বিষয়ে জানিবলৈ হ'লে স্থানীয় চিকিৎসকক প্ৰথমতে সাক্ষাৎ কৰাটো প্ৰয়োজনীয়। কেৱল বাতাবাৰী গাঁৱৰে নহয় সমীপৱৰ্তী আৰু কেইখনমান গাঁৱৰ চিকিৎসকসকলক লগ ধৰিছিলো একেটা উদ্দেশ্যৰে। চিকিৎসকসকল ওজা নামেৰে খ্যাত। প্ৰতিখন গাঁৱত একাধিক ওজা থাকে। এওঁলোকক জেনেৰেল ফিজিছিয়ান বুলিব পাৰি। বিশেষ কিছুমান ৰোগৰ বাবে থাকে বিশেষ জ্ঞানসম্পন্ন স্পেচিয়েলিষ্ট— তেওঁলোকৰ কোনোবা অস্থি বিশেষজ্ঞ, কোনোবা পগলা কুকুৰ, সাপ, শিয়াল আদিৰ কামোৰৰ পৰা বিষমুক্ত কৰা চিকিৎসক ইত্যাদি।

 ৰোগৰ কাৰণ, উৎপত্তি, চিকিৎসা আৰু ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ওজাসকলৰ জ্ঞান দেখি তবধ মানিছিলো। বেমাৰ-আজাৰক তেওঁলোকে জীৱনৰ এটা সুকীয়া ঘটনা বুলি নাভাবে। ৰোগৰ উৎপত্তি আৰু নিৰাময়ৰ সৈতে তেওঁলোকৰ ধৰ্মীয় বিশ্বাস, পাপ-পুণ্যবোধ, দৃষ্টিভংগী, ৰীতি-নীতি, খাৱন-পিন্ধন ইত্যাদি ওতপ্ৰোতভাৱে জড়িত হৈ থাকে। এনে এটা ধাৰণা তথাকথিত প্ৰগতিশীল সমাজতো বৰ্তি থকা নাই জানো? বেমাৰ-আজাৰত বা জীৱনত দুখ-কষ্ট পালে অনেকে ধাৰণা কৰে হয়তো কিবা পাপৰ ফলত এই শাস্তি ভোগ কৰি আছে। কেতিয়াবা আকৌ কিছুমানে বিশ্বাস কৰে ৰোগ-ভোগ, বিপদ-বিঘিনিৰ কাৰণ নিহিত হৈ থাকে ভুক্তভোগীৰ পূৰ্বজন্মৰে নহয়, পূৰ্বপুৰুষৰো পাপ আৰু কুকৰ্মৰ মাজত। বড়ো এলেকাসমূহত ক্ষেত্ৰ অধ্যয়ন শেষ কৰি গৈছিলো ৰাজবংশী প্ৰধান এলেকাবোৰলৈ। তাতো ৰোগ-ভোগ আৰু তাৰ কাৰণ, ইত্যাদিৰ আঁৰত বৰ্তি থকা দেখিলো একেটা ধাৰণা।

 দুয়োটা জনগোষ্ঠীৰ ওজাসকলৰ মতে, ৰোগৰ উৎপত্তিৰ কাৰণ দুই প্ৰকাৰৰ। চিকিৎসা পদ্ধতিও বেলেগ বেলেগ। যিবোৰ ৰোগৰ কাৰণ প্ৰাকৃতিক, তাৰ উপশম ঘটোৱা হয় বনৌষধিৰ দ্বাৰা। আনহাতে কাৰণ যেতিয়া হয় অতি-প্ৰাকৃতিক— যেনে ভূতে ধৰা বা হঠাতে সুস্থ মানুহ অসুস্থ হোৱা – তেতিয়া ধৰ্মৰ সৈতে যাদুৰ মিশ্ৰণ ঘটাই (magico-religious) চিকিৎসা কৰোৱা হয়। ৰোগ চিকিৎসাত গছ-লতা-গুল্ম আদিৰ ঔষধি গুণ সম্পৰ্কে ওজাসকলৰ জ্ঞান শলাগিবলগীয়া। সাধাৰণ আঘাতজনিত ৰক্তপাতৰ পৰা ভগাহাড় জোৰা লগোৱালৈকে প্ৰকৃতিৰ বুকুত কিমান যে বন দৰব লুকাই আছে! স্বীকাৰ কৰিবলৈ বাধ্য হৈছিলো যে প্ৰকৃতিৰ কোলাত লালিত-পালিত

বাকীছোৱা জীৱন /৬৫