পৃষ্ঠা:অনিমা গুহ.pdf/৩৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এনে এক গুৰুত্বপূৰ্ণ সম্ভাৱনাৰ কথা ইকাণ-সিকাণ নকৰি ৰবাৰ্ট ব্ৰুছে গোপনে ভায়েক চালৰ্ছ আলেকজেণ্ডাৰ ব্ৰুছক জনালে। পিছে সেই সোণালী দিনবোৰ দেখিবলৈ ৰবাৰ্ট ব্ৰুছ জীয়াই নাথাকিল। ককায়েকৰ মৃত্যুৰ পাছত আলেকজেণ্ডাৰে অসমৰ তেতিয়াৰ শাসনকৰ্তা ফ্ৰান্সিছ জেন্কিন্সক চাহ গছৰ কথা মৌখিকভাৱে জনাই থৈছিল ১৮৩৩ চনত। লিখিতভাৱে জনালে ১৮৩৬ চনত। জেনকিন্সক জনোৱাৰ আগতে শাসনকৰ্তা ডেভিড স্কটকো কথাষাৰ জনাইছিল। নমুনা হিচাপে তেওঁ সংগ্ৰহ কৰা চাহগুটি আৰু চাহ পুলিও তেওঁলৈ পঠাইছিল।

 ইতিমধ্যে নিজ নিজ অভিজ্ঞতাৰ পৰা আন দুজনমান চাহাবেও অসমত চাহ গছৰ অস্তিত্বৰ কথা গম পাইছিল। যেনে সেনা বিষয়া লেফটেনেণ্ট এনড্ৰু শ্বাৰ্লটনে ১৮৩২ চনৰ ২১ জানুৱাৰীত কলিকতাৰ ড° জন টাইটলাৰলৈ লিখিতভাৱে জনাইছিল যে শদিয়াৰ আশে-পাশে প্ৰচুৰ চাহ গছ আছে আৰু থলুৱা মানুহে সেই পাতৰ ৰস পি খায়। শুকান পাতৰ গোন্ধ আৰু সোৱাদ চীন দেশীয় চাহ পাতৰ সৈতে একে বুলিও জনাইছিল।

 ১৮৩৪ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত চাহ গছৰ অনুসন্ধান কৰিবলৈ টী কমিটী’ গঠন কৰে। ছেগ চাই শ্বাৰ্লটনে ১৮৩৪ চনৰ ১৭ মে’ তাৰিখে পত্ৰযোগে জনায় যে উজনি অসমত চাহ খেতিৰ সম্ভাৱনা প্ৰচুৰ। উল্লেখ কৰিবলৈ নাপাহৰে যে চিংফৌ আৰু খামতিসকলে নিয়মীয়াকৈ চাহ খায়৷ এওঁলোকে চাহপাতবোৰ শুকাই সিজাই লয়। সিজোৱা পাত চেপি পানীখিনি উলিয়াই পাতবোৰেৰে সৰু সৰু লাডু বনাই ৰ'দত শুকাই সংৰক্ষণ কৰে।

 শ্বাৰ্লটনে জনোৱাৰ পাছত আলেকজেণ্ডাৰ ব্ৰুছৰ যেন টোপনি ভাগিল। তেওঁ ১৮৩৬ চনৰ ২০ ডিচেম্বৰ তাৰিখে লিখিতভাৱে ঘোষণা কৰিলে যে ককায়েক প্ৰয়াত ৰবাৰ্ট ব্ৰছ আৰু তেওঁ উজনি অসমত চাহগছ আৱিষ্কাৰ কৰিছে। পিছে প্ৰথম হোৱাৰ গৌৰৱৰ পৰা বঞ্চিত হ'ল।

 ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰচেষ্টা আৰু উৎসাহত ইতিমধ্যে অসমত চাহ খেতি কৰাৰ কাম ভালকৈয়ে আৰম্ভ হৈছিল। ই ব্ৰিটিছ সাম্ৰাজ্য তথা ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ ঘটনা।

 এইবাৰ প্ৰশ্ন উত্থাপিত হ’ল, আৱিষ্কাৰকৰ সন্মান কাক যচা যায়? ৰবাৰ্ট ব্ৰুছ, চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ, বম বিছা গাম, শ্বাৰ্লটন, জেনকিন্স নে এই বিষয়ে সৰু-ডাঙৰ কিবা নহয় কিবা ভূমিকা পালন কৰা মণিৰাম দেৱানক। অৱশেষত চৰকাৰৰ ফালৰ

৩৪৮/ বাকীছোৱা জীৱন