পৃষ্ঠা:অনিমা গুহ.pdf/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাহৰ ঔষধি গুণো মন কৰিবলগীয়া। ইয়াত যথেষ্ট পৰিমাণে আছে এণ্টি-অক্সিডেণ্ট । অথচ আগৰ দিনত সৰু ল'ৰা-ছোৱালীৰ বাবে চাহ আছিল নিষিদ্ধ। মাহঁতে চাহ খোৱালৈ আমি লোলুপ দৃষ্টিৰে চাই থাকিছিলো।

 মাৰ্ঘেৰিটাৰ পৰা বিছাগাৱলৈ নিৰুপমা বৰগোহাঞি, তোষপ্ৰভা কলিতাকে ধৰি আমি সাতগৰাকী মহিলা দুখন গাড়ী লৈ গৈছিলো। আমাক নেতৃত্ব দিছিল সাংবাদিক জগত চাংমায়ে৷ নিৰাপত্তাৰক্ষী হিচাপে গৈছিল লিডু আৰক্ষী থানাৰ দুগৰাকী চিপাহী। গুৱাহাটীৰ কংক্ৰিটৰ হাবিৰ মাজৰ পৰা আহি মুকলি পৰিবেশত প্ৰাণভৰি বিশুদ্ধ অক্সিজেন সেৱন কৰি কৰি আগুৱাই গৈছিলো চাহ বাগিচাৰ বুকু ফালি। কিছু সময় যোৱাৰ পাছত খৰস্ৰোতা টিৰাপ নৈৰ ওলোমা দলং ‘সমন্বয় সেঁতু’ পাৰ হৈ বিছাগাঁৱত সোমাইছিলো। অদূৰত বমবিছা গামৰ উত্তৰপুৰুষ ৰজা বিছা নং চিংফৌৰ ৰাজহাউলিত সোমাই মই প্ৰায় দুটা শতিকা পিছুৱাই গৈছিলো। আমাক আদৰিবলৈ পদুলিমুখলৈ আগবাঢ়ি আহিছিল স্বয়ং ৰজা বিছা নং চিংফৌ। কঁকালৰ পেটিত আঁৰি লৈছিল পৰম্পৰাগতভাৱে চিংফৌ ৰজাসকলে ব্যৱহাৰ কৰা এখন তৰোৱাল, চিংফৌ ভাষাত যাৰ নাম ‘পিয়াও দাও’ অৰ্থাৎ ‘খাপত ভৰাই থোৱা তৰোৱাল’। ৰজা ৰাণীৰ লগত আছিল তেওঁলোকৰ জীয়েক-পুতেক, ভতিজা-ভতিজী, খুড়ীয়েক আৰু কেইবাজনো আপোন মানুহ।

 তেওঁলোকে আমাক সাদৰ সম্ভাষণ জনাই থাকোতে অন্যমনস্ক হৈ মই মোৰ সন্মুখত থকা ৰজাগৰাকীৰ আদি পুৰুষ বম বিছা গামৰ উপস্থিতি অনুভৱ কৰিছিলো। চিংফৌ সাম্ৰাজ্যৰ ক’ত তেওঁ বাস কৰিছিল নাজানো, কিন্তু মই ভাবি ল’লো তেওঁ এইটো চৌহদতেই বাস কৰিছিল। চকুৰ আগত ওলাল ৰঙামূলা বৰণীয়া ৰবাৰ্ট ব্ৰুছ চাহাব। আহোম ৰজা এজনৰ ভাড়া কৰা কৰ্মী হিচাপে নতুন সৈনিক সংগ্ৰহ কৰিবলৈ আৰু নতুন ব্যৱসায়ৰ সন্ধানত গোৱালপাৰাত ঘাটি পাতি থকা ৰবাৰ্ট ব্ৰুছ নামৰ ব্ৰিটিছ চাহাব এজন ১৮২৩ চনত আহিছিল উজনি অসমলৈ। তেওঁৰ লগত সাক্ষাৎ হৈছিল চিংফৌ প্ৰধান বম বিছা গামৰ। বোধকৰো ৰজাক সন্মান প্ৰদৰ্শন কৰিবলৈ আহিছিল। মই যেন দেখা পালো এজন দোভাষীৰ মাধ্যমেৰে দুয়ো কথা পাতি আছে।

 আচৰিত হৈ মই এডভেঞ্চাৰপ্ৰিয় ব্ৰিটিছ জাতিটোক প্ৰশংসা কৰো। যিটো যুগত যোগাযোগ ব্যৱস্থা আছিল অনুন্নত, তেতিয়া নাৱেৰে, জাহাজেৰে, ঘোঁৰাত উঠি তেওঁলোকে সাগৰ-মহাসাগৰ জয় কৰি ফুৰিছিল। এসময়ত কথা এষাৰ আছিল ব্ৰিটিছ সাম্ৰাজ্যৰ সূৰ্য কেতিয়াও অস্ত নাযায়। পৃথিৱীৰ বহু দেশত তেওঁলোকে গঢ়ি তুলিছিল

বাকীছোৱা জীৱন /৩৪৫