পৃষ্ঠা:অনিমা গুহ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁ আকৌ ফ’কাচলৈ আহিল। ফলত বিপুল ভোটেৰে ১৯৮০ ৰ নিৰ্বাচনত জয়ী হৈ প্ৰধানমন্ত্ৰীৰ গাদীত বহিল প্ৰিয়দৰ্শিনী ইন্দিৰা।

 অৱশ্যে আজিও অনেকে কয় দুৰ্নীতিৰ বীজটো ভাৰতৰ ৰাজনীতিত ৰোপণ কৰিছিল জৰুৰী অৱস্থাত ইন্দিৰা গান্ধীয়েই। সেই বীজেই গজালি মেলি বিশাল মহীৰূহত পৰিণত হৈ ভাৰতক ছাটি ধৰিছে। এই কথাত মই অৱশ্যে একমত হ’ব নোৱাৰো। ভাৰতৰ মানুহ ইমানেই দুৰ্বল নে যে গছজোপা কাটিবলৈ হাতত শক্তি নাই। বীজটোক গজালি মেলিবলৈ দিলেই বা কিয়?

 এটা কথা মানিব লাগিব যে অনেক ত্ৰুটি থকা সত্ত্বেও ইন্দিৰা গান্ধীয়ে তেওঁৰ ষোল্ল বছৰীয়া প্ৰধানমন্ত্ৰীত্বৰ কালত বহুমুখী সাফল্য অৰ্জন কৰিব পাৰিছিল। তেওঁৰ আছিল অদম্য সাহস আৰু আত্মবিশ্বাস। বিশ্বৰ দৰবাৰত তেওঁ ভাৰতক বিশেষ মৰ্যাদাৰ আসনত বহুৱাইছিল। তেওঁৰ পৰৰাষ্ট্ৰনীতিৰ বিৰোধিতা কৰিব পৰা নাছিল বিৰোধী পক্ষইও। এইক্ষেত্ৰত এগৰাকী সফল আৰু দক্ষ ষ্টেটচমেন হিচাপে তেওঁ স্বীকৃতি পাইছে। তেওঁৰ এটা বিৰল গুণ আছিল জনসাধাৰণৰ লগত যোগাযোগ ৰখাটো। এইটো গুণৰ বাবেই সম্ভৱতঃ জৰুৰী অৱস্থা উঠাই লোৱাৰ পাছত নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত মানুহগৰাকী দুবছৰ পাছত ক্ষমতাৰ আসনলৈ উভতি আহিব পাৰিছিল। মানুহগৰাকীৰ ক্ষমতা আছিল আশ্চৰ্যজনক। সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতাও আছিল অপৰিসীম। জীৱনত লোৱা দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ এটাই তেওঁক বিশ্ববন্দিত কৰিছে। এই সিদ্ধান্তটো লৈছিল ১৯৭১ চনত বাংলাদেশৰ যুদ্ধৰ সময়ত। তেওঁৰ আনটো সিদ্ধান্ত— পঞ্জাৱত অপাৰেশ্যন ব্লু ষ্টাৰৰ প্ৰয়োগ — আছিল তেওঁৰ মৃত্যুৰ কাৰণ ।মানুহগৰাকীয়ে জীৱিতকালত স্তুতি আৰু নিন্দা দুয়োটাই পাইছে প্ৰভূত পৰিমাণে। ইমান দোষ-ত্ৰুটি থকা সত্ত্বেও প্ৰিয়দৰ্শিনী ইন্দিৰা গান্ধী আছিল মোৰ অতিকৈ প্ৰিয় নেত্ৰী।


ভূপেন হাজৰিকাৰ সান্নিধ্যত

 ভূপেন হাজৰিকাক জানিছিলো যদিও গুৱাহাটীত থাকোতে তেওঁৰ ওচৰ-সান্নিধ্যলৈ অহা নাছিলো। তেওঁৰ তৃতীয় ভায়েক প্ৰবীণ আছিল আমাৰ সহপাঠী। তেওঁলোকৰ দেউতাক নীলকান্ত হাজৰিকা ধুবুৰীত চাকৰিসূত্ৰে থকাৰ সময়ৰে পৰা আমাৰ দেউতাৰ লগত চিনাকি। কুইনকো জানো। ভূপেন হাজৰিকা তেতিয়া আছিল দূৰ আকাশৰ

বাকীছোৱা জীৱন /৩৩