পৃষ্ঠা:অনিমা গুহ.pdf/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কেতিয়াবা আকৌ তেওঁলোকে অসমীয়া বা বাংলা শব্দটোকে নাজানে। কলকাতাত এদিন গৃহস্থ আৰু মই ৰিক্সাৰে এঘৰলৈ গৈ আছিলো। ঘৰটোৰ কাষত এটা পুখুৰী আছে। কিছুদূৰ অহাৰ পাছত আমি বাট হেৰুৱালো। ৰিক্সাৱালাক গৃহস্থই ক'লে, ‘সৰোবৰৰ কাষলৈ লৈ যাওক, আমি ঘৰটো বিচাৰি পাম'। তেওঁ ঘূৰিয়ে আছে ঘূৰিয়ে আছে সৰোবৰ নোলায়হে নোলায়। অৱশেষত সৰোবৰ দৃষ্টিগোচৰ হ’ল। এওঁ ক’লে,— ইয়াতেই ৰিক্সা চলায় আপুনি সৰোবৰ চিনি নাপায়?’ ‘কি সৰবৰ সৰবৰ কৰি আছে,এইটোতো লেক্।' এওঁক মই কৈছিলো পুকুৰ (পুখুৰী) বুলি ক'লে ৰিক্সাৱালাইবুজিলেহেঁতেন। তেওঁৰ হেনো ধাৰণা বিৰাট লেক্টোক পুকুৰ বুলি ক'লে ৰিক্সাৱালাই নুবুজিলেহেঁতেন।

 লেকৰ কাহিনীটো গৃহস্থৰ বন্ধু এজনক কৈছিলো। এই সন্দৰ্ভত ঢাকাত হোৱা তেওঁৰ একেধৰণৰ অভিজ্ঞতাৰ কথা ক’লে। ঢাকা বিশ্ববিদ্যালয়লৈ গৈছিল তেওঁ ৰিক্সাৰে। ঢাকাৰ ৰিক্সাবোৰ বৰ ধুনীয়া দেই। যি কি নহওক ৰিক্সাৱালাই ঢাকা বিশ্ববিদ্যালয় চিনি নাপায়। বন্ধুজনে বিমোৰত পৰি দোকান এখনৰ সন্মুখত নামি বিশ্ববিদ্যালয়ৰ অৱস্থান সম্পর্কে ৰিক্সাৱালাক ক’বলৈ দোকানীজনক অনুৰোধ কৰিছিল। ৰিক্সাৱালাই আমাৰ বন্ধুজনক ভেকাহি মাৰি কৈছিল, ইউনিভাৰ্ছিটি বুলি নকয় কিয় ? মিছাকৈ মোক ইমান ঘূৰালে।’ বন্ধুজনক কৈছিলো তেওঁনো কিয় বিশ্ববিদ্যালয় বুলি কৈছিল। বাংলাদেশৰ মানুহে বাংলা ভাষাক অতি শ্রদ্ধা কৰে। ভাষাক কেন্দ্ৰ কৰিয়েতো পাকিস্তানৰ লগত যুদ্ধ হ’ল আৰু জয়ী হৈ স্বাধীন বাংলাদেশ গঠন কৰিলে। তেওঁলোকৰ বাংলা নিষ্কলুষ। পশ্চিমবংগৰ মানুহৰ দৰে ইংৰাজী ব্যৱহাৰ নকৰে। তেৱোঁ আমাৰ গৃহস্থৰ দৰে ভাবিছিল সাধাৰণ ৰিক্সাৱালাই ইউনিভাৰ্ছিটি ক’লে বুজি নাপাব নিশ্চয়।

 সহপাঠী বন্ধুসকলৰ কথা উলিয়াই বাহিৰা কথা বহুত কোৱা হ'ল। ইতিমধ্যে আমাৰ বাৰজনীয়া সহপাঠীকেইজনৰ মাজৰ চাৰিজনেই ছবি হৈ বেৰত ওলমি আছে। ছবি হৈছে আৰু অনেক সহপাঠী। ছবিয়ে কথা ক’বলৈ নাজানে, কিন্তু সেই ছবিৰ মাজত কত স্মৃতি যে জীয়াই আছে! ৰোহিনী কাকতীয়ে হেনো মোৰ লগত ফোনেৰে যোগাযোগ কৰি উষ্ণ সম্ভাষণ পোৱা নাছিল, কথাষাৰ তেওঁৰ মৃত্যুৰ পাছত এজনে কৈছিল। মই বাৰু ৰোহিনী কাকতী বুলি চিনাকি দিলে কেনেকৈ চিনি পাম। ৰোহিনীক আমি ‘কপাৰ চালফেট’ বুলিহে জানো। ক’ব লাগিছিল কপাৰ চালফেট, ফোনৰ বিল ক'ৰবাত উঠিলগৈহেঁতেন। কেমেষ্ট্রি প্রেকটিকেল ক্লাছত ৰোহিনীয়ে এই নামটো পাইছিল। ব’টানী প্রেকটিকেল ক্লাছত প্রভাত শৰ্মাই কিয় ‘ovule’ নামটো ল'বলগা

৩১৬/ বাকীছোৱা জীৱন