পৃষ্ঠা:অনিমা গুহ.pdf/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাণবজাৰৰ ঘৰত কটন কলেজ এৰাৰ সাতচল্লিশ বছৰ পাছত। নিমিষতে আমাৰ বয়স সাতচল্লিশ বছৰ কমি আহিছিল। চকুৱে-মুখে আটাইৰে মুখত বিৰিঙি উঠিছিল নির্ভেজাল আনন্দৰ চিন। পুৰণি দিনবোৰ ডেউকা লগাই উপস্থিত হ’ল আমাৰ আগত। ইতিমধ্যে আমি যে ককা-আইতা হ’লো, চুলিত ৰূপোৱালী ৰং লাগিল, কেইটামান দাঁতো সৰিল পাহৰি গৈছিলো। যোৱা প্ৰায় পঞ্চাশ বছৰ জুৰি কি কৰিলো, আমাৰ ল'ৰা-ছোৱালী, পতি-পত্নী, নাতি-নাতিনী ইত্যাদি সেই আলোচনাৰ মাজলৈ নাহিল। কাৰণ তেতিয়া আমি ঊনৈশ-কুৰি বছৰীয়া কটনিয়ান। আমাৰ আলোচনাৰ মুখ্য বিষয় আমাৰ ছাৰসকল। কটন কলেজৰ স্মৃতিয়ে প্রৌঢ়ত্বৰ শেষ সীমা পোৱা আমিসকলক যেন পুনৰুজ্জীৱিত কৰি তুলিলে। সিদিনাৰ মিলনসভা বা ইংৰাজীত ক’বলৈ গ'লে get together ত উপস্থিত আছিল থানুৰাম দাস, নিলয় দাস, ধীৰেন চৌধুৰী, ৰণেন বৰুৱা, ভুবনমোহন দাস, মাখনলাল দাস, মণি দেৱী, অনসূয়া হাজৰিকা (আগৰ চৌধুৰী), তুলতুল বৰুৱা (আগৰ ভৰালী), ৰেণুপ্ৰভা বৰদলৈ (আগৰ মমিন), কমলা দাস (আগৰ বৰুৱা) আৰু মই অনিমা গুহ (আগৰ দাস)।

 আগৰ আৰু পাছৰ উপাধি লিখিবলগা বিবাহিতা নাৰীক আজি মই পুতৌ কৰো। নিজকো। আজিকালি এটা নতুন ষ্টাইল ওলাইছে— পিতৃ আৰু স্বামী দুয়োৰে উপাধি লিখাটো। আমাৰ যুগত ব্যক্তি স্বতন্ত্রতাৰ ধাৰণাটো বোধকৰো মহিলাৰ মাজত গঢ়ি উঠা নাছিল। মই পিছে পছন্দ কৰো উপজিবৰ সময়ত যিটো চিনাকি লৈ ওপজে গোটেই জীৱন তাকে বহন কৰা। অতি কমসংখ্যক মহিলাই নিজৰ চিনাকি বজাই ৰাখে। বিয়াৰ পাছত স্বামীৰ উপাধি গ্রহণে কেনেকৈ নিজৰ চিনাকি নিৰ্ধাৰণত খেলি- মেলি লগায় তাৰ এটা উদাহৰণ মই নিজে। কিছুদিনৰ আগতে হোমেন বৰগোহাঞিদেৱে অমুলেন্দু গুহৰ প্ৰশস্তি গাই লিখা ৰচনাখনত উল্লেখ কৰিছিল যে তেওঁ অসমীয়া ছোৱালী বিয়া কৰাইছে। তাৰ পাছত কেইবাজনৰ পৰা ফোন পালো— আপুনি অসমীয়া বুলি জনা নাছিলো। আগৰ মানুহে মই কি জানে যদিও আজিৰ প্ৰজন্মই নজনাটো স্বাভাৱিক।

 নিৰুপমা বৰগোহাঞিৰ বিষয়েও অনেকৰ ভুল ধাৰণা আছে। এদিন তেওঁৰ সাহসিকতাৰ কথা ডেকা এজনক কৈছিলো। ডেকাজন নামনি অসমৰ। মোৰ কথা শুনি ডেকাই ক'লে যে উজনি অসমৰ আহোম ছোৱালী সাহসী হয়েই। জন্মগতভাৱে নিৰুপমা উজনিৰো নহয়, আহোমো নহয়। উত্তৰ শুনি ডেকাই ভেকাহি মাৰি ক'লে, ‘আপোনালোকৰ মান-সন্মানবোধ নাই। আজি এটা নাম, কাইলৈ আন এটা। এইবাবেই

৩১২/ বাকীছোৱা জীৱন