পৃষ্ঠা:অনিমা গুহ.pdf/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেইবাখনো ফায়াৰ ব্ৰিগেডৰ গাড়ী। তাৰ পৰা জাঁপ মাৰি নামিল হালধীয়া ৰঙৰ ফায়াৰ প্ৰুফ পোছাক পিন্ধা অগ্নিনিৰ্বাপক বাহিনী। সিহঁতৰ ক্ষিপ্ৰ গতি দেখি ধাৰণা হ’ল অলিম্পিকৰ দৌৰবিদসকলে ইয়াত নিযুক্তি পাইছে। ঘৰৰ বেছমেণ্টৰ পৰা ওপৰ মহলালৈ অহা-যোৱা কৰি তেওঁলোকে ক’লৈ এলাৰ্মৰ বেটাৰী ডাউন হোৱা বাবে এলাৰ্মটো গৰ্জনমুখৰ হৈছে।

 বেটাৰীৰ আয়ুস কমাটো আমাৰ দোষ। গতিকে তেওঁলোকক মাতি আনি কষ্ট দিয়া বাবে লাজতে মৰি যোৱা যেন লাগিল। অসমীয়া উচ্চাৰণেৰে ইংৰাজীত ক’লো যে মই ইণ্ডিয়াৰ পৰা আহিছো ইয়াৰ ৰীতি-নীতিৰ বিষয়ে অৱগত নহওঁ। নাতিয়ে কোৱা বাবেহে তেওঁলোকক অযথা মাতি কষ্ট দিলো ইত্যাদি ইত্যাদি ইনাই বিনাই এসোপা কিবাকিবি ক'লো। মোৰ ধাৰণা আছিল তেওঁলোকক কিবা এটা মাচুল দিব লাগে আৰু বিনাকাৰণত মাতিলে জৰিমনা ভৰিব লাগে। পিছে মোক আচৰিত কৰি দলপতিয়ে ক’লৈ সকলো ফ্ৰী। বৰঞ্চ পাঁচবছৰীয়া ল’ৰা এটাৰ সজাগতা দেখি তেওঁলোক মুগ্ধ। যাবৰ সময়ত আমাক বাই বাই কৰি কৈ গ'ল have a good day। আমেৰিকাৰ মানুহ ব্ৰিটিছৰ দৰে গোমোঠামুখীয়া নহয়। বাটে-ঘাটে অচিনাকি মানুহক দেখিলেও হাই হাই কৈ সম্ভাষণ যাচে। নাতিহঁতক লৈ যোৱা স্কুল বাছৰ চালকজনে মোক দেখা পালে এমোকোৰা হাঁহিৰে কয়— হাই গেম্মা (গ্ৰেণ্ড মাদাৰ)! তিনি বছৰ পাছত মোক আকৌ দেখা পাই তেওঁ বৰ স্ফূৰ্তি পোৱা যেন লাগিল, যেন বহুদিনৰ মূৰত গেম্মাকক লগ পালে।

 দুই নাতি ঋষভ আৰু অনুভৱক স্কুল ছুটীৰ পাছত ঘৰতে সংগ দিবলৈ পঞ্চল্লিশ বছৰীয়া লিণ্ডা নামৰ শ্বেতাংগিনী এগৰাকী আহিছিল। তেওঁৰো মই আছিলো গেম্মা আৰু গৃহস্থ গেন্পা। তেৱোঁ বৰ কথকী। মাক-দেউতাক ইটালীয়মূলৰ আৰু বিচ্ছেদিত স্বামী জাৰ্মানমূলৰ। ঊনৈশ বছৰ বয়সতে বিয়া কৰাই ছোৱালী এজনীৰ জন্মৰ কেইবছৰমান পাছত বিয়াখন ভাগে। লিণ্ডাই আকৌ বিয়া কৰোৱা নাই যদিও এজন অন্তৰংগ বন্ধু আছে। চিনাকি হোৱাৰ দুই-তিনি দিনৰ ভিতৰতে হিয়া উজাৰি কথা পাতিছিল। ব্ৰিটিছৰ যুগত ভাৰতত বগী মেমৰ বিষয়ে কৰা ধাৰণাবোৰ লিণ্ডাৰে কথা পাতোতে মনত উক্ দি উঠিছিল। ভাৰতত বগীমেমৰ ল'ৰা-ছোৱালীক ভাৰতীয় আয়াই চোৱা-চিতা কৰা দেখিছো। ষাঠি বছৰ পাছত নিজৰ ঘৰতে ওলোটা চিত্ৰ এখন দেখিলো। তেওঁলোকক অৱশ্যে ‘আয়া’ নহয় বেবী-ছিটাৰ বুলিহে কয়। সু-সজ্জিতা লিণ্ডা গাড়ী চলাই আহি যেতিয়া নামে তেতিয়া কোনে ক’ব তেওঁ বেবী-ছিটাৰ। শ্ৰমৰ

বাকীছোৱা জীৱন / ২৯১