পৃষ্ঠা:অনিমা গুহ.pdf/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অংশ নেপেলায়। তেজখিনি বা কেনেকৈ খায়? আমাৰ এজন সম্পৰ্কীয় ভতিজা বোৱাৰী চীনদেশীয়। তেওঁলোক অষ্ট্ৰেলিয়াবাসী। কেতিয়াবা লগ পালে তেজৰ ৰেচিপিটো সুধি ল'ব লাগিব।

 নিউয়ৰ্কৰ চীনাসকল থকা অঞ্চলটোক চায়না টাউন বুলি কোৱা হয়। তাত কিন্তু সকলো চীনা মানুহ একেটা অঞ্চলত বাস নকৰে। এটা নিৰ্দিষ্ট এলেকাত বাস কৰে তুলনামূলকভাৱে অভিজাত কেণ্টনীভাষী চীনাসকল। এওঁলোক এশ বছৰ আগতে অহা। ৰাজনৈতিক আৰু সামাজিক জীৱনত গুৰুত্ব পায় গুৱানদং প্ৰদেশৰ পৰা অহাসকলে। ফুজিয়ান প্ৰদেশৰ পৰা অহাসকলৰ অধিকাংশই আহিছে অবৈধভাৱে। এওঁলোকৰ পঢ়া-শুনা কম আৰু ইংৰাজী নজনা বাবে জাহাজৰ পৰা নামিয়ে কাৰো চকুত পৰাৰ আগতে সামান্য মজুৰিত দৰ্জিৰ দোকানত, ৰেস্তোৰাঁ বা সৰু-সুৰা কাৰখানাত সোমায়। ফুজিয়ান প্ৰদেশত শিক্ষাৰ হাৰ আৰু বাৰ্ষিক আয় কম। এনে পৰিস্থিতিত সৰল-সহজ কম বুদ্ধিৰ ডেকাসকলে আমেৰিকাৰ সোণালী সপোন দেখুওৱা দালালৰ জালত পৰি মাটি বেচি আৰু সুতখোৰ মহাজনৰ পৰা উচ্চ হাৰত টকা ধাৰলৈ লৈ সমুদ্ৰ নাইবা আকাশ পথেৰে ‘সপোন'ৰ দেশলৈ ধাৱমান হয়। পিছে আহি নমাৰ পাছত সপোন ভাগি-ছিগি থানবান হয়। দিনটো হাড়ভগা খাটনিৰ পাছত যিখিনি আৰ্জে তাৰ সিংহভাগ দালালক আৰু মহাজনক দিয়ে। কিছু ঘৰলৈ পঠোৱাৰ পাছত নিজলৈ একো নাথাকে। আনহাতে যিসকল মালিকে আইন অমান্য কৰি শ্ৰমিক খটুৱায় তেওঁলোকৰ বাবে পৰিশ্ৰমী ফুজিয়ানীসকল হ’ল নয়নৰ মনি। ঋণ পৰিশোধ কৰাৰ তাগিদাত এইসকল দুৰ্ভগীয়াই ৰান্ধনিৰ কাম কৰি, বাচন মাজি এনে অৱস্থালৈ আহে যে ঋণমুক্ত হোৱাৰ পাছত দক্ষতাৰ অভাৱত আন কোনো কাম কৰা সম্ভৱ নহয়গৈ।

 মাৰ্কিন সপোন দেখা দৰিদ্ৰ চীনা পুৰুষ-নাৰীৰ বিষয়ে ‘মানুহৰ চিত্ৰশালা’ শীৰ্ষক মোৰ কিতাপ এখনত লিখিছো। আমেৰিকালৈ যোৱাৰ আগতে অজ্ঞতাৰ বাবেই জনা নাছিলো যে পৃথিৱীৰ বহুদেশৰ পৰা সাধাৰণ শ্ৰেণীৰ মানুহ তালৈ যায় জীৱিকাৰ সন্ধানত। অসম বা পশ্চিমবংগৰ যিসকল ব্যক্তিক বিদেশলৈ যোৱা দেখো তেওঁলোক শিক্ষিত শ্ৰেণীৰ। আমাৰ ইয়াৰ পৰা শ্ৰমিক শ্ৰেণীৰ কাকো যোৱা দেখা নাই বাবেই হয়তো মোৰ মনত ভুল ধাৰণাই বাহ লৈছিল। ভাৰতৰ পৰা ব্যৱসায় কৰিবলৈ যায় ঘাইকৈ গুজৰাটিসকল। পঞ্জাৱীৰেও ভৰি পৰিছে ইংলেণ্ড, আমেৰিকা, বিশেষকৈ কানাডাৰ মাটি। পৃথিৱীখন সঁচাই এখন গাঁৱত পৰিণত হৈছে। সুদূৰ অতীতৰে পৰা

বাকীছোৱা জীৱন /২৭৯