পৃষ্ঠা:অনিমা গুহ.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নালাগে এলিজাবেথৰ ন্যায়াধীশ দেউতাকে ছেনেকা ফল্ছলৈ আহি সিংহৰ বিক্ৰমেৰে গৰ্জন কৰি চহীবোৰ উঠাই নিবলৈ আদেশ কৰিছিল। তেওঁৰ আনজনী জীয়ৰী হেৰিয়েটে উঠাই ল'লে যদিও বজ্ৰৰ দৰে কঠিনমনা এলিজাবেথক কোনো শক্তিয়ে কাবু কৰিব পৰা নাই। একমাত্ৰ দাসপ্ৰথা বিৰোধী বাতৰি কাকতবোৰৰ বাহিৰে বাকীবোৰে সভাখনৰ নিন্দা আৰু সমালোচনাত মুখৰ হৈছিল। অলপ-ধতুৱাসকলে চহীবোৰ উঠাই নিলে কটু কথা শুনি, মুষ্টিমেয় দৃঢ়মনাসকলক অনুপ্ৰেৰণা যোগাই এলিজাবেথে কৈছিল যি অগ্নিশিখা প্ৰজ্বলিত হ’ল ই কেতিয়াও নুনুমায়। সঁচাকৈয়ে বনজুইৰ দৰে দেশৰ আন অঞ্চলবোৰতো বিয়পি পৰে আন্দোলনৰ বতৰা। পৰৱৰ্তী যুগৰ আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে ছেনেকা ফল্ছ নামটোৰে সৈতে প্ৰথমখন Women's Rights Convention ৰ নাম নাৰী ইতিহাসৰ পাতত উজ্জ্বল হৈ থাকিল। সেই ইতিহাস পাঠ কৰি আমিও কম অনুপ্ৰাণিত হোৱা নাই আৰু সেই ইতিহাসৰ পটভূমি দৰ্শন কৰিবলৈ সেইখিনি পাইছিলো গৈ। উল্লেখযোগ্য যে ১৮৪৮ চনত ভোটাধিকাৰৰ দাবী উত্থাপন কৰাৰ সত্তৰ বছৰ পাছত ১৯২০ চনত সুদীৰ্ঘ সংগ্ৰামৰ সমাপ্তি ঘটিছিল। ভোটাধিকাৰ প্ৰাপ্তি চাই যাব পৰা নাই এলিজাবেথে। সংগ্ৰাম আগবঢ়াই নিছিল তেওঁৰ এগৰাকী কন্যাই।

 কিশোৰী কালতে ন্যায়াধীশ দেউতাকে নাৰীৰ বিৰুদ্ধে থকা আইনবোৰ পক্ষলৈ আনিবলৈ হ'লে আগৰ আইন সংশোধন কৰিব লাগিব বুলি কোৱা কথাষাৰ এলিজাবেথে পাহৰা নাছিল। তেওঁ জাৰ-জহ-বৰফৰ বতৰ কাতি কৰি সহকৰ্মী ছুচানৰ সৈতে ঘূৰি ঘূৰি আইন সংশোধনৰ পক্ষে জনমত গোটাইছিল। তথ্য-পাতি গোটাই ল’ৰা-ছোৱালী শোৱাৰ পাছত উজাগৰে থাকি যুগুতাইছিল এটা বক্তৃতা আইনৰ ৰচকসকলৰ আগত পাঠ কৰিবলৈ। তেওঁৰ স্বামীয়ে এই আঁচনিৰ বিৰোধিতা কৰিছিল আৰু দেউতাক খঙতে হৈছিল অগ্নিশৰ্মা। তথাপিতো তেওঁ জীয়েকে কিনো লিখিছে জানিবলৈ ভাষণটো পঢ়ি শুনাবলৈ ক’লে জীয়েকক। হঠাতে দেউতাকৰ চকুত পানী দেখি তেওঁ আচৰিত। গভীৰ চিন্তাত বুৰ গৈ থকা দেউতাকে সুধিলে বিয়াৰ আগে-পাছে সুখী জীৱনত অভ্যস্ত হৈও কেনেকৈ তেওঁ নাৰীৰ দুখৰ উমান পালে আৰু তীব্ৰভাবে অনুভৱ কৰিলে। এলিজাবেথে সোঁৱৰাই দিলে সম্পত্তিৰ পৰা বঞ্চিত বিধৱাগৰাকী তেওঁৰ ওচৰলৈ আহি বিফল হৈ উভতি যোৱা ঘটনাটোলৈ। আইন পুথি কেঁচীৰে কাটি নহয় সংশোধন কৰিলেহে নাৰীয়ে সুৰক্ষা পাব বুলি দেউতাকেইতো কৈছিল। কোমল হৈ দেউতাকে ভাষণটোত কলম চলাই আৰু উন্নত কৰিলে, কিয়নো জীয়েকে নাজানে ইয়াতকৈও অধিক নিষ্ঠুৰ আইন আছে নাৰীৰ বিৰুদ্ধে।

২৫০/ বাকীছোৱা জীৱন