পৃষ্ঠা:অনিমা গুহ.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 হঠাতে মানুহৰ জীৱনত কেতিয়াবা সৌভাগ্যৰ উদয় হয়। মোৰ কপালতো এবাৰ লটাৰীত অৰ্থপ্ৰাপ্তিতকৈও লোভনীয় সৌভাগ্যৰ আগমন ঘটিল আমেৰিকামুখী হোৱাৰ আগে আগে। তালৈ গৈ আছো বুলি গম পাই আমাৰ খুৰাদেউৰ স্কটলেণ্ডবাসী ল’ৰা ডাঃ অনিমেষ দাসে লণ্ডনত মোক ব্ৰেক জাৰ্নি কৰি যাবলৈ ক'লে। লগে লগে আমাৰ ভ্ৰমণ উপদেষ্টা আৰ্য ট্ৰেভেলছৰ মেনেজাৰ সঞ্জয় সৰকাৰৰ শৰণাপন্ন হলো। ব্ৰেক জাৰ্নি কৰা বাবে টিকটৰ মূল্য এটা ফুটা কড়িও নাবাঢ়িল। অৰ্থাৎ ইংলেণ্ড আৰু স্কট’লেণ্ড দৰ্শন বোনাচ পোৱা যেন লাগিল।

 যোৱাৰ আগে আগে অনিমেষৰ লগত পি চি অ'ৰ পৰা যোগাযোগ কৰিছিলো। পি চি অ'ৰ মালিকজন বোধকৰো পঞ্জাৱী আছিল। তেওঁ নুশুনা ভাও জুৰি মোৰ কথাবোৰ শুনি থাকিছিল। কিয়নো ফোনৰ বাবে দিবলগীয়া পইচাখিনি দিবলৈ যাওঁতে তেওঁ সুধিছিল ইংৰাজীত কাৰ লগত কথা পাতিলো। ক’লো অনিমেষৰ পত্নী এ্যনৰ লগত। তাই স্কটিশ্ব্‌ ছোৱালী।

 মানুহজনে সুধিলে— ‘কেই নম্বৰ?’

 প্ৰশ্নটো নুবুজিলো বুলি কোৱাত তেওঁ যিষাৰ কথা ক'লে শুনি মই হাঁহি হাঁহ চকীখনত বহি গ'লো। কোনোমতে হাঁহি ৰখাব নোৱাৰা দেখি মানুহজনে ভেবা লাগি মোলৈ চাই আছিল। তেওঁ জানিব খুজিছিল অনিমেষ এ্যনৰ কেইনম্বৰ স্বামী। তেওঁ হেনো শুনিছে মেমহঁতে ঘনাই স্বামী সলায়।

 আমাৰ ইয়াৰ কিছুমানে বিদেশ সম্পৰ্কে বহু ভুল ধাৰণা পুহি ৰাখে। এ্যনৰ আগত কথাষাৰ উত্থাপন কৰোতে তেওঁ কৈছিল যে তেওঁলোকৰ পৰিয়ালত কাৰো বিবাহ-বিচ্ছেদ হোৱা নাই। তদুপৰি তেওঁলোক ৰোমান কেথলিক হোৱা হেতুকে বৰ ৰক্ষণশীল। যি কি নহওক, আজিৰ পৃথিৱীত আধুনিক সমাজবোৰত বিবাহ-বিচ্ছেদৰ সংখ্যা ক্ৰমবৰ্ধমান। ৰোমান কেথলিক সমাজতো কিবা পৰিবৰ্তন হ'ল নে নাই নাজানো।

 বিনা পইচাত ইংলেণ্ড ভ্ৰমণৰ কাহিনীলৈ ঘুৰি আহো। মোৰ জীৱনত কোনো কামেই চিধা পথেৰে নহয়। যাবৰ দিন-ক্ষণ ঠিক, এনেতে শুনিলো মোৰ টিকট বুক হৈ থকা এয়াৰ ইণ্ডিয়াৰ পাইলটসকলে দৰমহা বৃদ্ধিৰ বাবে ধৰ্মঘট কৰিছে। এওঁলোকে যিটো হাৰত দৰমহা পায় শুনিলে সাধু-সন্ন্যাসীৰ মনতো ঈৰ্ষা উপজিব। আকৌ দৰমহা বৃদ্ধি? মই যে সময়মতে আমেৰিকা পাবগৈ লাগিব। ইংলেণ্ড-স্কটলেণ্ডৰ আশা এৰি যথা সময়ত আমেৰিকা গৈ পাবলৈ ব্যস্ত হৈ উঠিছিলো।

 এয়াৰ ইণ্ডিয়াই জনালে ধৈৰ্য ধৰিবলৈ। ধৰ্মঘট উঠাই ল'লেই যোৱাৰ নতুন তাৰিখ

বাকীছোৱা জীৱন / ১৪৫