পৃষ্ঠা:অনিমা গুহ.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এনে এটি কৰ্কশ মাতেৰে ধমকি লগালে যে মই চকখাই উঠিলো। কি বা অপৰাধ কৰিলো! তেওঁৰ মুখলৈ চাই থাকোতে ক’লে— ‘আপুনি সধৱা মানুহ, কুশৰ আঙুঠি পিন্ধিব নাপায় বুলি নাজানে?’

 : নাজানো। পিছে অৰূপো বিবাহিত। সি কিয় পিন্ধিছে?

 : পুৰুষ আৰু মহিলা একে হ’ল নেকি?

  পাণ্ডাৰ লগত তৰ্কযুদ্ধত নামিবৰ ইচ্ছা আছিল যদিও সেই পৰিৱেশৰ পৰা সোনকালে ওলাই অহাৰ আশাত মনে মনে থাকিলো।

 পিণ্ডদান কৰাৰ কথা শুনিছিলোহে, পিণ্ড বস্তুটো দেখি ঘিণ লাগি গ’ল। এইসোপা খুৱাই মাক মুক্তি দিব পাণ্ডাই? আটা, চেনিআৰু কিবা কিবি হাতেৰে (লেতেৰা) সানি পাণ্ডাই লাৰু পকালে। সেইবোৰকে মৃতকৰ উদ্দেশ্যে মন্ত্ৰ গাই উচৰ্গা কৰা হ’ল! আমাৰ মাই কেতিয়াও এনে লেতেৰা বস্তু খাই পোৱা নাই।

 বাংলা ভাষাত ‘পিণ্ডি (পিণ্ড) গিলা’ বুলি কথা এষাৰ আছে। খাবলৈ ভাল নলগা বস্তু খাবলগীয়া হ’লে পিণ্ড গিলা বুলি কোৱা হয়। গয়ালৈ গৈ বাক্যশাৰীৰ তাৎপৰ্য বুজিলোহঁক। পিণ্ডদান কৰি ওলাই অহাৰ পাছত প্ৰতিজ্ঞা কৰিলো জীৱনত আৰু এইমুৱা নহওঁ। পিছে সেইটো কোঠাৰ পৰা ওলাই অহাৰ পাছতো নিষ্কৃতি নাপালো। পাণ্ডাৰ পিছে পিছে অ’ৰ পৰা ত’লৈ ত’ৰ পৰা অ’লৈ ঘূৰি ঘূৰি অৱশেষত আমাৰ ঠিকনা আৰু গোত্ৰ-চোত্ৰ অধ্যয়ন কৰি বহী দুখনমান উলিয়াই অৰূপ আৰু ৰীতাক নিলে এটা কোঠালৈ, মোক নিলে আন এটালৈ। তাত মোক এজন মানুহে যিষাৰ কথা আন এজনক সুধিবলৈ ক’লে যে মোৰ ব্ৰহ্মতালু জ্ব্লি উঠিল। মই হেনো সুধিব লাগে মাৰ আত্মাই মুক্তি পালে নে নাই। কিছু সময় মনে মনে থাকিলো। আত্মাত অবিশ্বাসী মানুহজনীয়ে প্ৰশ্নটো কৰো কেনেকৈ? দ্বিতীয়তে মোৰ সন্মুখত বহি থকা নিকৃষ্ট মানুহটোৱে জানিব কেনেকৈ আত্মাৰ মুক্তি হ’ল নে নাই? সিফালে বাহিৰত অৰূপ আৰু ৰীতাই মই ওলাই নহা দেখি ছট্‌ফটাই আছিল। যি কি নহওক, পাষণ্ডকেইটাৰ হাতৰ পৰা মুক্তি পাবলৈ প্ৰশ্নটো কৰিলো, সি উত্তৰ দিলে মুক্তি পোৱা বুলি। গয়ালৈ গ’লে নিজে ভালপোৱা কিবা এবিধ ফল ত্যাগ কৰি আহিব লাগে। কি ফলৰ নাম যে কৈছিলো মোৰ মনত নাই। তাৰ পৰা ওলাই ভাৰত সেৱাশ্ৰমলৈ আহোতে অৰূপেও ক’লে ভৱিষতে আৰু এইমুৱা নহয়, তাৰ বাবেও যেন কোনো নাহে।

 দুপৰীয়া ভাত-পানী খাই টাংগা ভাড়া কৰি গৈছিলো বুদ্ধগয়ালৈ। গয়া ভ্ৰমণ সাৰ্থক হ’ল অতি চাফচিকুণ পৰিবেশত চীম, জাপান, থাইলেণ্ড আদি বৌদ্ধধৰ্মী

বাকীছোৱা জীৱন/ ১৩৩