পৃষ্ঠা:অনিমা গুহ.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বেচোতা এজনলৈ মনত পৰিল। তৰমুজৰ দ’ম এটাৰ মাজত বহি সি সুৰ দি গাই আছিল– 'সেন্দুৰ লাল, ৰুবি লাল, চৰকাৰ লাল ( বামপন্থী চৰকাৰ ), মতিলাল। সবাৰ সেৰা আমাৰ ঝুড়িৰ এই আমাৰ জৱাহৰলাল।’ জৱাহৰলাল হ'ল তাৰ পাচিত থকা ৰঙা ৰঙা তৰমুজবোৰ। আজি ইমান বছৰৰ পাছত বেপাৰীসকলৰ কবিতা গীতৰ শাৰীবোৰ পাহৰি গৈছো, কিন্তু সিহঁতৰ কথা পাহৰা নাই।

 মনত পৰিছে নিম্ন মধ্যবিত্ত চিনাকি মানুহ এজনলৈ। এটাৰ পাছত এটা বিপদে তেওঁক এসময়ত খেদি ফুৰিছিল। মানুহজনৰ শুভাকাংক্ষী হিচাপে আমি কেইজনীমান এদিন তেওঁৰ বিপদ এটাৰ পাছত সহানুভূতি জনাবলৈ গৈছিলো। বিপদ-বিঘিনিৰ বিষয়ে বৰ্ণাই তেওঁ শেষত ক'লে— ‘আমি যাই বংগে, আমাৰ কপাল যায় সংগে।’ তেওঁৰ কোৱাৰ ধৰণটো দেখি নাহাঁহি নোৱাৰিলো।

 চৈয়দ মুজতবা আলীৰ কিতাপত বাঙালীৰ ৰসবোধৰ কাহিনী বহু পোৱা যায়। তেওঁ নিজেও আছিল ৰসৰ ৰহঘৰা। ঢাকাৰ টাংগাচালকসকল হেনো বৰ ৰসিক। মানুহ এজনে টাংগা ভাৰা কৰি চালকৰ লগত দৰদাম কৰি আছিল। মই টাংগাচালক হ'লে হয়তো খঙতে ক'লোহেঁতেন যে ইমান কমত যাব নোৱাৰো। কিন্তু ঢাকাৰজনে মিচিকিয়া হাঁহিৰে কৈছিল— ‘বাবু, অলপ লাহে লাহে কওক, ইমান কম ভাড়া শুনিলে ঘোঁৰায়ো হাঁহিব।’ এনেধৰণৰ বহু কাহিনী মুজতবা আলীয়ে লিখি থৈছে ঢাকাৰ ৰসিক টাংগাৱালাসকলৰ বিষয়ে। লিখা-পঢ়া জনা শিক্ষিত মানুহে ৰসবোধ আয়ত্ত কৰে, কিন্তু সাধাৰণ মানুহৰ মাজত এইবোধ জন্মে জন্মগতভাবে।

 আজি ঢাকা বিদেশ। দুয়ো বংগৰ ভাষা একে। দুয়ো বংগই ৰসৰ ৰহঘৰা। বংগদেশ ১৯০৫ চনত লৰ্ড কাৰ্জনৰ সময়ত এবাৰ দ্বিখণ্ডিত হৈছিল। ব্ৰিটিছৰ সুবিধাৰ্থে এডোখৰ যুক্ত কৰিছিল অসমৰ লগত। পিছে বাঙালী মানুহে আন্দোলন কৰি পুনৰ দুডোখৰক একত্ৰিত কৰাইছিল। ১৯৪৭ চনত আকৌ দুভাগ হ'ল। বাৰে বাৰে ভাগ হোৱাৰ পাছতো মানুহৰ ৰসবোধ নকমা বাবে কোৱা হয় ‘এতো ভংগ বংগ দেশ, তবু ( তথাপি ) কতো ৰংগ'।

 মনত পৰিছে এগৰাকী শিক্ষিতা মুখলৈ। আমাৰ ভাৰাঘৰৰ মালিকে বাতৰি কাকতত বিজ্ঞাপন চাই পুতেকলৈ কইনা বিচাৰি বিজ্ঞাপনদাতালৈ চিঠি লিখিছিল। চিঠিখন পাই বিজ্ঞাপনদাতা মহিলাগৰাকীয়ে স্কুটাৰ চলাই আহি সেই এলেকাটোত বিচাৰি ফুৰিছিল ‘ভবদীয় মজুমদাৰ’ৰ ঘৰ। ভবদীয় মজুমদাৰ নামৰ কাৰো সন্ধান নাপাই অৱশেষত গলিটোৰ শেষ ঘৰটোলৈ আহি দুৱাৰৰ ঘণ্টি বজালে। তাতে পালে ভবদীয় মজুমদাৰক।

বাকীছোৱা জীৱন / ১৩১