পৃষ্ঠা:অনিমা গুহ.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাইদেউক। তেওঁলোকৰ পৰিণত বয়সতে মৃত্যু হৈছিল। তাৰ পাছতে আৰম্ভ হ'ল অকাল মৃত্যু।

 গুৱাহাটীত মাজু জাৰ শ্ৰাদ্ধৰ দিনা গধূলি কলকাতাত থকা সৰু জা কৰবীৰ লগত টেলিফোনত কৰিছিলো দীৰ্ঘ বাৰ্তালাপ। তেওঁ কৈছিল বৃহত্তৰ গুহ পৰিয়ালৰ আৰু দুই-তিনিগৰাকী সদস্যই মৃত্যুৰ লগত যুঁজি আছে। তেওঁলোক আমাৰ খুৰা শহুৰৰ পুত্ৰসকল। পিছদিনা ৰাতি দহমান বজাত দেওৰৰ ফোন— ‘বৌদি, আপোনালোক আহক, কৰৱী বোধকৰো নাই।’ শুনি মোৰ সৰ্বশৰীৰ অসাৰ হৈ পৰিল। কম বয়সীয়া এইগৰাকী জাই আগদিনা যেতিয়া ফোনত মৃত্যুৰ সৈতে যুঁজি থকা আত্মীয়ৰ কথা কৈ আছিল তেতিয়া জানিছিল নে সেই মৃত্যু থিয় হৈ আছিল তেওঁৰ পিছফালে! মাজনিশা গুৱাহাটীৰ ঘৰত বাতৰিটো পোৱাৰ লগে লগে কান্দোনৰ ৰোল উঠিল।

 কৰৱী গুচি যোৱাৰ কেইটামান মাহ আগতে মাজু বৰজনাৰ সৰু পুত্ৰ চল্লিশৰ ডেওনা পাৰ হোৱা দেশব্ৰতৰ আকস্মিক মৃত্যুই পৰিয়ালটোৰ ওপৰত চৰম আঘাত হানি থৈ গৈছিল। তাৰ বিয়াখনৰ ঘটকালী ময়েই কৰিছিলো কলকাতাত আমাৰ প্ৰতিবেশী টুটুৰ লগত। তাইৰ সন্মুখত থিয় দিবলৈ মই মানসিক শক্তি হেৰুৱাই পেলাইছিলো! দুটি এমা-ডিমা পুত্ৰ-কন্যাৰ পঁইত্ৰিশ বছৰীয়া মাকজনী প্ৰথম আঘাতত ভাগি পৰিছিল যদিও সন্তানৰ মুখলৈ চাই অসীম ধৈৰ্য আৰু সাহসেৰে তেওঁ জীৱনৰ সৈতে যুদ্ধ কৰিবলৈ সাজু হৈছিল। সেই যুদ্ধত জয়ী হোৱা তেওঁ এগৰাকী আদৰ্শ মাতৃ। আজি এই যুৱ উচ্ছৃংখলতাৰ দিনত পঢ়াই-শুনাই, স্বভাৱে-চৰিত্ৰই দুয়োকে দুটি ৰত্ন হিচাপে প্ৰতিষ্ঠিত কৰিছে টুটুই। ইতিমধ্যে দুয়ো সুখ্যাতিৰে ইঞ্জিনিয়াৰিং পাছ কৰি উচ্চ শিক্ষাৰ্থে আমেৰিকালৈ গৈছে। ছোৱালীজনীৰ বিয়া-বাৰুও হ’ল।

 আশীৰ দশকটোত এজনৰ পাছত এজনক যোৱা দেখি মানসিকভাৱে আমি ভাগি পৰিছিলো। মনত সদায় এটা আতংক লৈ ফুৰো। আৰু যেন শুনিবলগীয়া নহয় মৃত্যুৰ বাতৰি। কিন্তু নিয়তিক বাধা দিব কোনে? কৰৱীৰ শ্ৰাদ্ধৰ পাছত শোকাহত পিতৃক সংগদান কৰিবলৈ জীয়েক মহুৱাই কিছুদিন থাকি যোৱাৰ সিদ্ধান্ত লৈছিল। তাইৰ কথা শুনি নিয়তিয়ে বোধকৰো অলক্ষে হাঁহিছিল। বিনা মেঘে বজ্ৰপাতৰ দৰে খবৰ আহিল দুবছৰ আগতে বিয়া হোৱা দহমহীয়া পুত্ৰ এটাৰ পিতৃ মহুৱাৰ দেওৰেকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হ’ল। তাইৰ কুৰি বছৰীয়া জা–কজনী ইমানে আঁকৰী যে বৰফৰ ওপৰত শুৱাই থোৱা স্বামীৰ মৃতদেহ দেখি ভাবিছিল চিকিৎসা চলি আছে।

বাকীছোৱা জীৱন /১১১