এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জাবৰ আদি দিয়ে, তেনেহলে ৰচকৰ আশা পূৰ্ণ হব
বুলি ধৰিব পাৰিব।
সাহিত্য ক্ষেত্ৰত কিতাপ লিখা ৰচকৰ এইয়ে
প্ৰথম উদ্যম। গতিকে ইয়াত অনেক ভুল যে হব
পাৰে ই নিশ্চিত। আশা কৰোঁ যেন গুণগ্ৰাহী
পাঠক পাঠিকা সকলে নিজ গুণেই দোষ ক্ষমা কৰে।
অৱশেষত কবলগীয়া যে, এই সাহিত্য পুলিটিৰ
কেইটিমান দোষ শুধৰাই দি, ছপা কৰিবলৈ উৎসাহ
দিয়া, সেই সময়ৰ নগাওঁ গভৰ্ণমেন্ট হাইস্কুলৰ হেড-
মাষ্টৰ ৺ কালিৰাম দত্ত বি-এ, বি-টি, মহাশয়লৈ
অভাজন ছাত্ৰই আন্তৰিক শ্ৰদ্ধাৰে ভক্তিৰ শৰাই
আগবঢ়াইছে। আৰু তাৰ পাচত, শ্ৰীযুত দৈবচন্দ্ৰ
তালুকদাৰে এবাৰ চকু ফুৰাই চাই দিয়াত আৰু শ্ৰীযুত
অপূৰ্বৰ কুমাৰ ভূঞাই, ছপাৰ কামত অনেক সহায়
কৰাত তেখেত সকলকো লিখকে অন্তৰেৰে শলাগ
জনাইছে।
বৰঙাবাৰী
তেজপুৰ;
১৮৪৯ শক।
ৰাইজৰ আশীৰ্বাদ
ভিক্ষাৰী
—কৃষ্ণ—