পৃথিৱী ধুনীয়া কৰিব লাগিব

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


পৃথিৱী ধুনীয়া কৰিব লাগিব,--- তই
        চকুৰ পানীৰে, বুকুৰ তেজেৰে
                কবিতা লিখিছোঁ মই
মোৰ বৈজ্ঞানিক লিখনীডালিত
                জুই চিঁয়াহীৰে ভৰা
লিখনীৰ সেই মুখৰপৰা
                উফৰি পৰিছে তৰা
কল্পনাযোগী মোৰ মনে আজি
                ভাঙিছে পুৰণি ঘৰ
        নতুন সৃষ্টিৰ কমাৰ শালত অগ্নি ভয়ঙ্কৰ
        ভূমিকম্পক কৰি আনিছোঁ প্ৰধান খনিকৰ৷

হেৰ’ নতুনৰ পোহৰ পৰা ল’ৰা
        হেৰ’ ছোৱালী বুকু সেউজীৰে ভৰা
        তোৰ চকুৰ মণিত জ্বলিছে যুগান্তৰ
তোৰ মনলে নামিছে সৌৱা
        নতুন দিনৰ
                নৱতম খনিকৰ৷৷