পাৱে পৰি হৰি কৰহোঁ কাতৰি
অৱয়ব
- ।। ৰাগঃ কেদাৰ।।
- ধ্ৰুং।। পাৱে পৰি হৰি কৰোহোঁ কাতৰি
- প্ৰাণ ৰাখবি মোৰ।
- বিষয় বিষধৰ বিষে জৰজৰ
- জীৱন নৰহে থোৰ।।
- ধ্ৰুং।। পাৱে পৰি হৰি কৰোহোঁ কাতৰি
- পদ।। অথিৰ ধনজন জীৱন যৌৱন
- অথিৰ এহু সংসাৰ।
- পুত্ৰ পৰিৱাৰ সবহি অসাৰ
- কৰবো কাহেৰি সাৰ।।
- কমল দল জল চিত্ত চঞ্চল
- থিৰ নোহে তিল এক।
- নাহি ভৱ ভয় ভোগে হৰি হৰি
- পৰম্পদ পৰতেক।।
- কহতু শঙ্কৰ এ দুখ সাগৰ
- পাৰ কৰা হৃষীকেশ।
- তুহূ গতি, মতি দেহু ছিৰীপতি
- তত্ত্ব পন্থ উপদেশ।।
- পদ।। অথিৰ ধনজন জীৱন যৌৱন