পাতমুগী

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


       আমাৰ ঘৰ ডবকা মৌজাত৷ জাতত আমি কুমাৰ৷ ডাঙৰলৈ টেকেলি, কলহ, চৰু আৰু সৰুলৈ জুনুকা বানমলা সাজি সেইবোৰকে বেচি কৌটিকালৰ পৰা আমি খাই বৈ আছিলোঁ৷ কিন্তু এতিয়া আৰু আমাৰ ব্যৱসায় নচলা হল৷ নানা তৰহৰ বিদেশী বস্তুৱে আমাৰ দেশ উপচাই দিয়াৰ লগে লগে, বিলাতী ‘খেলনা’ই আমাৰ জুনুকা, বানমলা আৰু ভুৰুকাক ভুৱা দি খেদিলে৷ বিদেশী এলুমিনিয়মৰ লোৰ আৰু চীনামাটিৰ বাচন-বৰ্ত্তনে আমাৰ সাতামপুৰুষীয়া চৰু-কলহক বনবাস দিলে৷ আজি আমি নিৰুপায় হৈ বোপা-ককাৰ ব্যৱসায় এৰি এডৰা-আদ্‌ডৰা মাটিৰ খেতিকে হাতত লৈ কোনো মতে পেট প্ৰৱৰ্ত্তাই আছোঁ৷ তাতো বিদেশীয়ে হেতাওপৰা লগাই আমাক চুকলৈ ঠেলিব লাগিছে৷ আমাৰ গাত বল নাই, গাঁথিত পইচা নাই, যে সেই ঠেলাক ওলোটা ঠেলাৰে সুতাব পাৰোঁ৷ তাৰ উপৰি, তেলেৰে জেকি থকা মূৰতহে তেল পৰে বুলি কয়৷ মাটি বন্দবস্ত কৰি দিয়া ৰজাঘৰীয়া বিষয়াক আমি সন্তোষ লগাব নোৱাৰোঁ৷ এইবোৰ কাৰণত এতিয়া আমাৰ নাজল-নাথল অৱস্থা৷ আলতী বাইহঁতো আমাৰ গাঁৱৰে৷ আমাৰ ওচৰ-চুবুৰীয়া আৰু আমাৰ জাতৰে৷ পাত্‌মুগী আলতী বাইৰ জীয়েক৷ তাই মোক দদাই বুলি মাতে আৰু মোৰ আগতে উপজি ডাঙৰ দীঘল হৈ এতিয়া ভৰ-গাভৰু৷ ছোৱালীজনীক দেখিলে কোনে আমাৰ নিচিনা দুখীয়া ছাল ছিগা ভিকহু কুমাৰৰ ঘৰৰ ছোৱালী বুলিব? ঠিক তাই যেন সদৰামিনৰ ঘৰৰহে জীয়ৰী৷

       বকতা মৌজাৰ পৰা বামুণৰ ল’ৰা এটা আহি তাইত চকু দিলে৷ ঈশ্বৰৰ ইচ্ছাত তাইৰো তাতে মন খালে৷ তাইত সি চাপি ৰল৷ আমি আটায়ে পাত্‌মগীক কত বুজালো, তেনে কাম নকৰিবলৈ; কিন্তু তাইৰ মন ঘূৰাব নোৱাৰিলোঁ৷ মাকৰ হাকো তাই নুশুনিলে৷ যি হ’ল হ’ল বুলি আমি পঞ্চায়ৎ গোটালোঁ৷ পঞ্চায়তৰ আগত লৰাজনে তাৰ লগুণত ধৰি শপত খাই, এখন কাকতত লেখি দিলে যে যাবজ্জীৱন সি পাত্‌মুগীক নেৰে আৰু কলে, সি যেতিয়া তাইৰ নিমিত্তে নিজৰ জাতকে এৰি দিবলৈ গৈছে, তাই তাৰ কিমান চেনেহৰ ৰিত, পঞ্চায়তে ভাবিলেই বুজিব পাৰিব৷ আমিও ভাবিলোহঁক, দূৰ গাঁৱৰ নিছলা নিঠৰুৱা লৰাটোক নিয়ন্তাজনে কোবাই-ধৰিয়াই আনি যেতিয়া আমাৰ মাজত পেলাই দিছেহি, তাৰ এটা গতি আমি কৰিবই লাগে৷ থাওক সি আমাৰ জাতৰে এটা হৈ আমাৰ গাঁৱতে৷ অপুত্ৰকা বুঢ়ীজনীয়েও জানিবা পো এটা পালে৷

       কিন্তু আজিকালিৰ দিনকাল উলটিল৷ মিছা বেশ্যা আদি পাপ বলী হৈ উঠি পৃথিৱী গ্ৰাস কৰিলে৷ মানুহৰ কথাত সঞ্জাত যাব নোৱাৰি৷ মুখৰ গঢ়, বাহিৰৰ কাম দেখি মানুহক বুজিবলৈ গলে খালত পৰিব লাগে৷ চপনীয়া ডেকা এবছৰ ছোৱালী জনীৰে সৈতে ঘৰ কৰি থাকি সিদিনা অ:ফুট্ মাৰিলে৷ থিতাতে সি কলৈ গ’ল, কোনেও কবকে নোৱাৰিলে৷ ছোৱালীজনীয়ে তাক বিচাৰি নাপাই কান্দি-কাটি বলীয়া হল৷ আমিও চাৰিওফালে পাত্‌পাত্‌কৈ বিচাৰি তাৰ একো উৱাদিহ উলিয়াবনোৱাৰিলো৷ শেহত ভাগৰি ভাবিলোহঁক যে তাৰ কৰবাত অপঘাত মৃত্যু হল; নহলে এনে এটা বেথা লগা বামুণৰ ল’ৰাটোৱে এনে হেন দীপ্‌লীপ্ ছোৱালীজনী এৰি কলৈ যাব৷ গিৰিয়েক ঘৈণীয়েকৰ ভিতৰত কেতিয়াও কোনো দন্দ-খৰিয়াল লাগিছিল বুলিও কোনেও কব নোৱাৰে৷ শাহুৱেকেও তাক আতোল্-তোল্‌কৈ ৰাখিছিল৷ ৰাখিবৰ কথাও৷ তাক থিৰজুৰ দেখি আৰু তাৰ কথা-বাৰ্ত্তা চলন-ফুৰণ ভাল দেখি গাঁৱৰ সকলো তাৰ ওপৰত তুষ্ট হৈ পৰিছিল৷ সকলোৱে কৈছিল, “পাত্‌মুগীয়ে কপালৰ বলতহে এনেটো চিকুণ দৰা পালে৷” কিন্তু, কিন্তু-কিন্তু-কিন্তু হল, আৰু এনেবোৰ কথাই-বতৰাই দিনটো নোযোৱা হল৷ কি কম কি শুনিবা৷ সিদিনা কোৱাৰ মুখে চিলাৰ মুখে বাতৰি ওলাল, সি হেনো তাৰ ঘৰ বকতা মৌজা পালেগৈ৷ গৈয়েই হেনো সি পা-পৰাচিত হৈ জাতত উঠি আকৌ বামুণী ছোৱালী এজনী বিয়া কৰিলে৷ আমাৰ পাত্‌মুগীয়ে এই জনৰবটো কোনোবা শত্ৰুৱে মিছাকৈ তুলিছে বুলি বিশ্বাসকে নকৰে৷ মই বোলোঁ, তেনেহলে চকু-কাণৰ বিবাদকে ভাঙি আপোন চকুৰেই চাই আহোঁগৈ৷ এইবুলি বোকাই-পানীয়ে খোজ কাঢ়ি গৈ ওলালোঁ বকতাত৷ তাত যি শুনিলো আৰু নিজৰ চকুৰে যি দেখিলো দেখি-শুনি মোৰ পেততে হাত-ভৰি লুকাল৷ বতৰাটো গোটেই সঁচা৷ সি তেনেকুৱা গোবান্ধ কামকে কৰিলে হয়৷ তাক মই লগ ধৰি আষাৰচেৰেক কথা কব খুজিছিলো, কিন্তু তাৰ ওচৰ ধুকিবকে নোৱাৰিলো৷ সেই গাঁৱৰ মানুহবিলাকে তাক ঘৰ-বেৰা দি ৰাখিছে৷ মোক দেখি, সিহঁতে ধৰি তহিলং কৰি কিলাইকে দিব খুজিছিল৷ শেহত প্ৰাণটো লৈ পলাই আহিহে ৰক্ষা পৰিলোঁ৷

       পাত্‌মুগীয়ে মোৰ মুখৰ কথাবোৰ শুনি হিয়া-মূৰ ভুকুৱাই কান্দিবলৈ ধৰিলে৷ মাকৰ অৱস্থা দেখিলে কান্দোন ওলায়৷ বুঢ়ীয়ে ভাত-পানী এৰি তিন দিনলৈকে শোৱাপাটীত দীঘল দি পৰি আছিল৷ যি হবৰ হল, এই বুলি সিহঁতক প্ৰথমতে বুজনি-চেঁচনি দি সহি থকাই ভাল বুলি কৈছিলো৷ কিন্তু তাৰ পিছত ভাবিলো, ইমান বিশ্বাসঘাতকতাৰ এটা শাস্তি নহলে এই পৃথিৱীত আৰু ধৰ্ম্ম নাথাকে৷ ইয়াকে ভাবি মই আলতীবাই আৰু পাত্‌মুগীক লগত লৈ কাছাৰীত গোচৰ তৰিবলৈ ৰংপুৰলৈ বুলি খোজ ললোঁ৷

       চ’ত মাহ ৷ টিকা-ফটা ৰ’দ৷ বাটত যাওঁতে যাওঁতে আমাৰ বৰ পিয়াহ লাগিল৷ বাটৰ কাষতে ঔটেঙাৰ গছ এজোপা পালোঁ৷ ওপৰলৈ চাই দেখিলো, তাত ভালেমান ঔটেঙা লাগি পকি আছে৷ পাত্‌মুগীয়ে কলে, “দদাই ! বৰ পিয়াহ লাগিছে৷” পকা ঔটেঙা এটাকে পাৰি আনা, খাওঁহঁক৷ পিয়াহত মোৰ অণ্ঠে-কণ্ঠে শুকাই গৈছে৷” উঠিলোঁ ঔটেঙা গছত৷ পাৰিলো তিনিটা পকা ঔটেঙা৷ তললৈ চাই নামি আহিছো, এনেতে ওপৰলৈ চাই থকা পাত্‌মুগীৰ মুখখনত মোৰ চকু পৰিল৷ তাইৰ মুখখন ৰ’দত পকা থেকেৰা যেন হৈ পকি পৰিছে৷ মুখখন সঁচাকৈয়ে কি ধুনীয়া দেখাইছে ! আগৰে পৰা সদায় তাইৰ মুখ মই দেখি আহিছো, কিন্তু আজি দেখাখনৰ নিচিনা কেতিয়াও কস্মিনকালেও দেখা নাছিলোঁ আৰু এখোপ নামিলতে তাইৰ দুচকুত মোৰ চকু দুটা পৰিল৷ মই ৰ লাগি ৰ’লো৷ ভাবিলো দেহি ঐ ! কি বিতোপন চকুযুৰি! তাৰ পিছৰ খাপত আৰু মোৰ চকু নপৰা হল৷ পাত্‌মুগীয়ে মোৰ গঢ় দেখি কি বুজিলে কব নোৱাৰো, মিচিক্‌কৰে হাঁহি মাৰি ক’লে, “দদাই ! ৰ লাগি কি চাইছা? নামি আহা ! পিচলি পৰিবা চাবা৷” তাইৰ কথা শুনি মোৰ গাত গোসাঁই নাইকিয়া হল৷ তাইৰ ডিঙিৰ পৰা যে এনে সুৰীয়া সোৱাদ মাত ওলাব, এইটো মই আগেয়ে নাজানিছিলোঁ৷ আগেয়ে তাইৰ মাতত এনে মৌ থকাটোৰো মই কেতিয়াও গম পোৱা নাছিলো৷ কিয় কব নোৱাৰো, মোৰ গাটো জ্বৰে-ঘামে ঘামিবলৈ ধৰিলে৷ মই কোনোমতে নিজকে চম্ভালি লৈ পিচলি অহাদি আহি মাটিত ভৰি দিলোঁ৷ সেইদৰে আহোঁতে গছৰ গাত মোৰ বুকুখন লাগি ঘঁহনি খাই তাৰ মাখিছাল ছিগিল৷ দেখিলোঁ, অলপ আগলৈকে পানীৰ পিয়াহত পৰি থৰ্ যুগুতি এৰা পাত্‌মুগী এতিয়া ঠন ধৰি উঠিল৷ মুখত তাইৰ মিচিক-মাচাক হাঁহি৷

       এইটো কি? মোক কিহে পালে? মোৰ কি হ’ল কোনোবাই কব পাৰে নে? মই হলে তাৰ মোৰ উলিয়াব নোৱাৰি বিমোৰত পৰিলো৷ অলপৰ আগলৈকে পিয়াহত লেৰেলি থকা পাত্‌মুগীৰ মুখতো দেখোন মিচিকীয়া হাঁহি! তাইৰ হাত-ভৰি কেইটাও দেখোন আগতকৈ চতৰ্‌ বতৰ৷তাইৰ ভাগৰ-জোগৰখন কলৈ গল? পকা ঔটেঙা মুখত নিদিয়াতে তাইৰ এই অৱস্থা; মুখত দিলে তাই তাইৰ দুখীয়া দদায়েৰক উৰাই নি মানস সৰোবৰত পেলাই দিবগৈ নেকি? যিজনী ছোৱালী ক্ষন্তেকৰ আগলৈকে বামুণ গিৰিয়েকৰ প্ৰবঞ্চনা আৰু দুৰ্ব্যৱহাৰত আদ‌্মৰা হৈ আছিল, হঠাৎ এই খপৰ্-জপৰখন লাগিল কিয়? পাত্‌মুগীকতো মই কাপোৰ নিপিন্ধা অৱস্থাৰেপৰা দেখিছোঁ৷ তায়ো মোক সদায় দেখি আহিছে৷ আন নেলাগে, তাইক কোলাত লৈ মই ডাঙৰ-দীঘল কৰিছো বুলিয়েই হয়৷ আজি মোৰ এইখন কি হল ! তাইৰ বা কি হল ! এই ঔ গছত কোনোবা দেৱতা আছিল নেকি, যে আমাক দুইকো বান মাৰি এনেকুৱাকৈ শালিলে? মই আঢ়ৈকুৰি বছৰীয়া বুঢ়া৷ পাত্‌মুগী সোতৰ বছৰীয়া ডেকেৰী ছোৱালী৷ তাই মোৰ জীৰ লগৰ৷ ছি: ৷ মোৰ ভাবিবলৈকে লাজ লাগিছে ! হে হৰি ! মোক কি কৰিলা ! মই যে তললৈ গলো ! মোৰ ঘৰত ঘৈণী আছে; ল’ৰা-ছোৱালী আছে৷ মোৰ গাত গোসাঁই আজি কলৈ গল? গোসাঁইৰ ঠাইত ঔ গছৰ দেও আহি মোৰ গাত সোমালহি নেকি? ঠিক বুজিছো, মোৰ গাত দেও লম্ভিলে৷ ছোৱালীজনীৰ গাতো লম্ভিল হবলা ! তাইৰ ভাগৰ কলৈ গ’ল? মাকে কাটি দিয়া ঔ বখলা তাই খাবলৈ পাহৰি হাতত লৈ মোলৈ চাই কি ভাবি ৰৈ আছে?

       ৰেলৰ লাইনৰ ওপৰত ৰেলৰ ডাকগাড়ীখন উধাতু খাই যোৱাদি, এই ভাববোৰ বিজুলী সঞ্চাৰে মোৰ মনৰ ওপৰেদি লৰি গল৷ পাত্‌মুগীয়ে মাত লগালে-“দদাই ! ঔটেঙা খোৱা৷ মিছাকৈ কিবোৰ ভাবি আছা? চাওঁ তোমাৰ বুকুখন ৷ ” এইবুলি তাই উঠি মোৰ বুকুত হাত দিলে৷ মোৰ বুকুৰ ঢিপ্‌ঢিপনি নিশ্চয় তাইৰ কাণত পৰিছিল৷ “ ইস্ ! মাখিছাল ছিগি গৈছে ! যাওক, ওপৰে ওপৰেহে; ভিতৰলৈ সোমাব পৰা নাই৷” তাইৰ কথাষাৰ শুনি মই লাজতে জঁয় পৰি গলো৷ ভিতৰলৈ কি সোমোৱা নাই ৷ এইষাৰ কথাৰ মানে কি ? তাই দিয়া ঔ টেঙাবখলা লৈ মুখত সুমাবলৈ যাওঁতে, সি নাকত ঠেকিল৷ মোৰ সেই বিপৰ্য্যয় অৱস্থা দেখি পাত্‌মুগীয়ে ঢেক‌ঢেক্ কৰে হাঁহিবলৈ ধৰিলে৷ মোৰ নথৈ লাজ লাগিল৷ মই আলতী বাইক কলোঁ, “মোৰ গাটো দেখোন বৰ বেয়া লাগিছে বাই !”

       বায়ে কলে,-“ এই ভৰদুপৰীয়াখন ঔটেঙা গছত উঠাটো ভাল হোৱা নাছিল৷ দেও, ভূত, জলশাই, থলশাই, দেৱতাসকলে এই সময়ত ক্ৰীড়া কৰি ফুৰে৷”

       ঔটেঙা পৰ্ব্বৰ ওৰ পৰিলত আমি তিনিও আকৌ ৰংপুৰৰ ফালে খোজ ললোঁ৷ বাটত যাওঁতে মই এক প্ৰকাৰ নিমাত কিন্তু পাত্‌মুগীৰে মুখত আখৈ ফুটা দেখি মাকে কলে,-“পাত্‌মুগী ! তোৰ হল কি ? আজিচোন বৰ উলাহ ? তহঁত দুইৰো গঢ় দেখি মোৰ ভয় লাগিছে৷ ঘৰলৈ উভতি গৈ আমৰলীয়া হাঁহ এটা মাৰি ভকতক চাউল একঠা খুৱাবলৈ মই আগ কৰিছোঁ৷”

       যাওঁতে মই ভাবি গৈছোঁ, ক’তা পাত্‌মুগীৰ প্ৰতি কোনো কালে কু ভাব মোৰ মনত নাছিলতো ! তাইৰোতো নাথাকিবৰেই কথা৷ তেন্তে মোৰ এনে বিসঙ্গতি হৈছে কিয়? তাইৰ মুখত ইমানকৈ মিচিকীয়া হাঁহিৰ মানেই বা কি? কেনেবাকৈ মোৰ অন্তৰৰ ভিতৰত তাইৰ চকু পৰিল নেকি? তাইৰ বুদ্ধিটো ইমান তীক্ষ্ন নে? কেনেকৈ তাই বুজিলে? এতিয়া তাইৰ ফালে মোৰ মুখখন তুলি চাবলৈকে লাজ লাগিছে৷ মোৰ পৰাজয়ত তাইৰ এই উলাহ নেকি? তিৰোতাৰ মনটো সঁচাকৈৱে বিচিত্ৰ সমলেৰে গঢ়া৷ সেই কণমান ছোৱালীজনীয়ে এই পঞ্চাশ বছৰীয়া শুকান বুঢ়াটোক থিতাতে গৰকি পেলালে৷ আচৰিত কথা !

ইয়াৰ পিছত আমি ৰংপুৰ পালোগৈ৷ তাত এজন ডাঙৰ উলিকৰ কাষ চাপিলো৷ প্ৰথমতে উকিলৰ মহৰীৰ হাতত পৰিলোঁ৷ মহৰীয়ে আমাক নগুৰ্ণাগুতি কৰিলে৷ ইবাৰ এইটোৰ বাবে, সিবাৰ সেইটোৰ বাবে খৰচ দিব লাগে বুলি বাক্‌লেখ দি আমি লগত লৈ যোৱা ৰূপ কেইটকা আদ্-খিনীয়া কৰিলে৷ শেহত আমি উকিলৰ কাষ পালত, উকিলৰ ফিজকে আদি কৰি যি খৰচৰ হিচাপ ওলাল, সেইবোৰ শুনিয়েই আমাৰ মুখ শুকাই গল৷ মই উকিলক কলো,-“দেউতা ! আমাৰ হাতত এতিয়া ইমান টকা নাই৷”

       উকিলে কলে,-“যি আছে তাকেই দিয়া৷ গোচৰ থিয় কৰিলে, পিছত ঘৰৰ পৰা বাকীখিনি আনি দিলেই হব৷ মকৰ্দ্দমা তোমালোকৰ ফালে বৰ বলী৷ প্ৰৱঞ্চকক মই ঠিক শাস্তি দিয়াম৷ ছোৱালীয়েও ‘খেচাৰৎ’ পাব৷”

       উকিলক আমাৰ হাতত থকা বাকী কেইটকা ৰূপ দিয়াৰ পিছত হঠাৎ পাত্‌মুগীয়ে উকিলক কলে,-“উকিল দেউতা ! মই আৰু গোচৰ নচলাওঁ৷”

       উকিলে কিয় বুলি সোধাত তাই উত্তৰ দিলে, “যথেষ্ট হৈছে৷ মোৰ গিৰিহঁতক দণ্ড দিয়াবৰ মোৰ মন নাই৷”

       “তেন্তে কিয় আহিছিলি?”

       “গোটাদেক কথাৰ প্ৰমাণ চাবলৈ৷”

       “কি কথাৰ?”

       “পুৰুষ জাতিৰ প্ৰৱঞ্চনা, নিষ্ঠুৰতা আৰু দুৰ্ব্বলতাৰ৷”

       “প্ৰমাণ পালি নে?”

       “পালোঁ৷”

       “ক’ত?”

       “আগেয়েও পাইছিলো, এতিয়াও পালো৷ আৰু নালাগে ৷ দেউতা ! আপোনাক আমনি কৰাৰ বাবে যি কেইটা টকা দিয়া হল, তাকে লৈয়েই সন্তুষ্ট হওক৷” ইয়াকে কৈ তাই উকিলৰ কাষৰ পৰা ঘট্ ঘট্ কৰে ওলাই গল৷

       উকিল স্তম্ভিত হৈ ৰ’ল৷ তাৰ পিছত উকিলে আমাক কলে,-“এইজনী ছোৱালীতো কম নহয়৷ বৰ মইমতীয়া৷”

       উকিলৰ কথাৰ উত্তৰ দিবলৈ আমি একো বিচাৰি নাপাই উকিলক সেৱা জনাই ওলাই গুচি আহি পাত্‌মুগীৰ পাছে পাছে যাবলে ধৰিলো৷ উকিলৰ মহৰীয়ে ৰিঙিয়াই আমাক মাতিলে, “হেৰা ! শুনি যোৱাহঁক, কথা আছে৷”

       পাত্‌মুগীয়ে উভতি চাই উত্তৰ দিলে-“কথা যি থাকিল থাওক আৰু নুশুনো৷”

       উভতি আহোঁতেও পাত্‌মুগীৰ সেই একেটা গঢ়েই-হাঁহি, উলাহ আৰু লচ্‌পচী৷ মই মৌন, মাকো মৌন৷ আকৌ বাটৰ কাষৰ সেই ঔটেঙা জোপাৰ ওচৰ পালতে, পাত্‌মুগীয়ে মোক কলে-“দদাই ! আৰু এটা ঔটেঙা নাপাৰা নে? যদিও মোৰ এইবাৰ পিয়াহ লগা নাই, তথাপি তোমাৰ কিজানি লাগিছেই৷”

       মই তাইৰ কথাৰ একো উত্তৰ নিদি তললৈ মূৰকৈ বেগাবেগিকৈ যাবলৈ ধৰিলো৷ পাত্‌মুগী আৰু মাকক সিহঁতৰ ঘৰ পোৱাই দিলেই মই মোৰ ঘৰলৈ আহি, ভৰি-হাত ধুই আমাৰ নামঘৰলৈ গৈ থাপনাৰ ফালে মূৰ দি দীঘল হৈ পৰি, মোৰ মনত সেইদিনা ক্ষন্তেকৰ নিমিত্তে হোৱা বিকাৰৰ বাবে ঈশ্বৰৰ চৰণত কাকূতি কৰি ক্ষমা মাগিলো৷ তাৰ পিছত মই একেবাৰেই পূৰ্ব্বাৱস্থা লভিলো নে নলভিলো, কব নোৱাৰো; কিন্তু দিনচেৰেকলৈকে পাতমুগীহঁতৰ ঘৰৰ ফালে আৰু মুখ কৰা নাছিলো৷

       এদিন হঠাৎ পাতমুগী মোৰ ওচৰত ওলালহি৷ তাই মোক কলে-“দদাই ! মোৰ দোষ মৰিষণ কৰক৷ তিৰোতাৰ স্বভাৱৰ বিষয়ে মতা মানুহে কেতিয়াও ভালকৈ নাজানে, আৰু জানিবও নোৱাৰে৷ মানুহে নজনাটোতো ঠিকেই৷ দেৱতাইও নাজানে বুলি কয়৷ পুৰুষক হাতৰ মুঠিত লবলৈ পোৱাটোৱেই তিৰোতাৰ ডাঙৰ আশা৷ পুৰুষক জয় কৰাৰ আনন্দ তিৰোতাই লুকাব নোৱাৰে৷ তেহেলৈ পুৰুষজন যেয়েই হওক৷ এইকেইটা দিনৰ ভিতৰতে মই অনেক দেখিলোঁ, অনেক শিকিলোঁ৷ সেই চপনীয়া বিটলীয়াক মোক আৰু নালাগে৷ কিন্তু সেই বুলি মই তেওঁৰ কোনো অনিষ্ট কৰিবও নোখোজো৷ সংসাৰত এক ঈশ্বৰৰ বাহিৰে সঁচা একো নাই৷ সঁচাই ঈশ্বৰ, ঈশ্বৰেই সঁচা৷ তেওঁৰ সেৱাৰ বাহিৰে মানুহৰ কাৰ্য্য নাই৷ ধৰ্ম্ম ধৰ্ম্ম কৰি ধৰ্ম্মৰ নামত মানুহে যে দিনে-ৰাতিয়ে কত অধৰ্ম্ম কৰি আছে, দেখিলে দুখ লাগে৷ ধৰ্ম্ম কাক বোলে আমাক আমাৰ মহাগুৰু শ্ৰীমন্ত শংকৰে তেওঁ কৰা কীৰ্ত্তনত কৈ দিছে:-

       সমস্ত ভততে দেখিবকে নাৰায়ণ৷

       আত পৰে আন ধৰ্ম্ম সবে বিড়ম্বন৷৷”

       ঈশ্বৰত ভক্তি কৰিলেই ঈশ্বৰক পোৱা যায়৷ কেনেকৈ ভক্তি কৰিব লাগে, তাকো শ্ৰীশঙ্কৰ গুৰুৱে আমাক কৈ দিছে:-

       শত্ৰু-মিত্ৰ সব কৰিয়ো সম৷

       এহিসে কৃষ্ণৰ ভক্তি পৰম৷৷

       ঈশ্বৰক এই মাটিৰ চকুৰে কোনেও দেখিবলৈ নাপায়৷ কিন্তু তেওঁ চৰ্জা সংসাৰখনতো এই চকুৰ আগতে আছে৷ দুখীয়াৰ দুখ গুচাবলৈ, আৰু দৰিদ্ৰ নিমাখিত প্ৰাণীৰ ভালৰ অৰ্থে কাম কৰিলেই ঈশ্বৰ সন্তুষ্ট হয়৷ ভগৱন্ত শ্ৰীকৃষ্ণই কৈছে:-

       বিশেষত মনুষ্যগণত যিটো নৰে৷

       বিষ্ণু বুদ্ধি ভাৱে সৰ্ব্বদায় মান্য কৰে৷৷

       ইৰ্ষা অসূয়া তিৰষ্কাৰ অহঙ্কাৰ৷

       সবে নষ্ট হোৱে তেবে তাৱক্ষণে তাৰ৷৷

       মই মোৰ মনটো শিলৰ খুটি যেনকৈ বান্ধিলোঁ৷ মহাত্মা গান্ধীৰ বাক্য শিৰত লৈ মই স্বদেশ আৰু সকলোৰে হকে, আৰু ঘাইকৈ দুখীয়াৰ হকে মোৰ এই জীৱনটো উছৰ্গা কৰিলোঁ৷ কালিৰ পৰা কোনেও মোক আগৰ অৱস্থাত নেদেখে৷ দদাই ! তুমি তোমাৰ এই দুখুনী ভতিজা জীজনীক আশীৰ্ব্বাদ কৰা যেন তাইৰ মনৰ বাঞ্চা সিদ্ধি হয়৷” ইয়াকে কৈ পাত্‌মুগীয়ে মোক আঠুকাঢ়ি সেৱা এটা কৰি উঠি গুচি গল৷ মই হাবাঙৰ দৰে তাইৰ ফালে চাই ৰ’লো৷

       এই গল্পটো লিখি মই মোৰ এজন বিশিষ্ট বন্ধুক দেখুৱালো৷ বন্ধুজন নিৰ্ভীক আৰু বিচক্ষণ ‘কৃতিক্’ অৰ্থাৎ সমালোচক৷ তেওঁৰ গল্পটো চাবলৈ দি ক’লো.-“গল্পটোৰ বিষয়ে আপোনাৰ মতামত মোক লেখি দিয়ক৷” মোৰ মনৰ ভাবটো এনে যে, গল্পটো তেওঁ ভালকে বুলিব৷ যদি নামজ্বলা ‘কৃতিক্’ সাহিত্যিক এজনে ভাল হৈছে বুলি লেখি দিয়ে, তেন্তে, বুকু ফিন্দাই তাক কাকতত ছপাবলৈ পঠিয়াই দিম৷ তেতিয়া ভয়তে আৰু তাক বেয়া বুলিব নোৱাৰিব৷ আৰু বুলিলেও, অস্ত্ৰ ধৰি লৈ আমাৰ ‘কৃতিক্’ আছে৷ মোৰ অনুৰোধ ৰক্ষা কৰি বন্ধুৱে যি মতামত লেখি দিলে, তাক তলত ছপালোঁ৷ পাঠকে পঢ়িলেই দেখিব যে মোৰ আশাৰ প্ৰসৱৰ ফল,অশ্বডিম্ব এটি:-

       “প্ৰিয়বৰেষু ! তোমাৰ গল্পটো মই অতি মনোযোগ দি পঢ়িও তাৰ কোনো এটা পাৰত উঠিব নোৱাৰিলোঁ৷ এইটোক যদি গল্প বুলিব লাগে, তেন্তে পুৱাৰে পৰা গধূলিলৈকে তোমাৰ আৰু আমাৰ ঘৰত যিবোৰ শাক-ভাত খোৱা কথা চলে,সেইবোৰো গল্প৷ বোলোঁ, গল্পটোৰ ‘প্লট’ ক’ত ? ইয়াত নাই ‘প্লট’ নাই ‘আৰ্ট’ নাই ‘বিউটী’ নাই নীতি, নাই ৰীতি, আছে মাথোন ফুটুকাৰ ফেনসোপা৷ আলতী বাইৰ বন্ধুজন পঞ্চাছ বছৰীয়া বুঢ়া আৰু গাঁৱৰ সম্বন্ধত পাত্‌মুগীৰ দদায়েক৷ বুঢ়াৰ ঘৰত বুঢ়ী আছে, লৰা-ছোৱালী আছে আৰু ধৰ্ম্মজ্ঞান কাণ্ডজ্ঞানো বুঢ়াৰ অলপ অচৰপ আছে যেন মনে ধৰিলে৷বুঢ়াই সৰুৰে পৰা ডাঙৰলৈকে পাত্‌মুগীক দেখিছে৷ ইমান কালৰ ভিতৰত এদিনো, বুঢ়াৰ মনৰ বিকাৰ নঘটিল; ঘটিল বুঢ়াই ঔটেঙা গছৰ পৰা চুচৰি নামি আহোঁতেহে? ‘ৰিদিকুলাছ’ বোলোঁ হাঁহি উঠা কথা৷ ই সম্ভৱ অসম্ভৱ, দুইখন ডেওনাকে ডেই পাৰ হৈ গৈছে৷ ছোৱালী জনীয়ে গিৰিয়েকক হেৰুৱাই আৰু তাৰ শঠতা, প্ৰবঞ্চনাত মৰ্ম্মাহত হৈ গোচৰ কৰিবলৈ, ইমান হাবাথুৰি খাই ৰ’দত বাটকুৰি বাই যাওঁতে লালকাল৷ এনে অৱস্থাত তাইৰ ভাববিপৰ্য্যয় দেখি তাইৰ হেনো হাঁহি উঠিল, আৰু ভাগৰ পলাল! তাৰ পিছত সিহঁতৰ সাঁচতীয়া দুখৰ বিত ফেৰা ভগন হৈ ওৰ পৰিলতে, ছোৱালীজনীয়ে কলে, মই গোচৰ নকৰোঁ৷ আৰু সেই কথা তাইৰ মাকেও শুনিলে, আৰু বুদ্ধি পকা অভিভাৱক জনেও শুনিলে! ইয়াতকৈ ‘ৰিদিকুলাছ’ কথা আৰু কি হব পাৰে? ছোৱালীজনীয়ে গোচৰ নকৰাৰ কাৰণ যি দিছিল, সিও অকিঞ্চিৎকৰ৷ তাৰ পিছত দেশসেৱাৰ নামত, গান্ধীৰ কংগ্ৰেছত তাইৰ যোগদান৷ এইটো তোমাৰ “midsummer night’s dream” হব পাৰে, কিন্তু গল্প নহয়৷ এই গল্প তুমি নছপাবা৷ ছপালে হাঁহিয়াতৰ পাত্ৰ হবা নিশ্চয়কৈ কৈ থলোঁ৷ মোৰ স্পষ্ট কথাত বেয়া নাপাবা৷ –ইতি

                                                                                                                                                                তোমাৰ বন্ধু

                                                                                                                                                             শ্ৰী............................”

 
       ‘কৃতিক্’ বন্ধুৰ কথা নুশুনি মই গল্পটো এইবাবে ছপালোঁ যে ‘কৃতিকেল ফেকালটি’ নথকা কোনোবাই যদি ইয়াত কিবা পায় পাওক৷ নাপায় যদিও হানি নাই৷ –অন্তত: ‘বাঁহী’ৰ পাত গোটাচেৰেক ইয়াৰে ভৰিবতো৷ আৰু বাঁহীত গল্প নাই; গল্প নাই বুলি আসোঁৱাহ ধৰি থকাসকলক গল্প এটা দিয়া গ’লতো৷ বাঘৰ ঠাইত ঘোং, মৌৰ ঠাইত গুৰ, মুকুতাৰ ঠাইত ই শোকোতা হবতো৷ নিতান্ত পক্ষে “হা গল্প ! হা গল্প” কৰাসকলে দোলাৰ অভাৱত এইডাল শিকিয়াতে কিছুদূৰ উঠি যাব পাৰিব বুলিতো আশা কৰা যায়৷ আশা সফল হবনে? কৈ থলোঁ যে দৈবাৎ শিকিয়াডাল ছিগে যদিও, উঠোতাজন বৰ ওখৰপৰা নপৰে৷ নিশ্চয়৷