নিকুঞ্জলতা সপোন মগন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

<poem> নিকুঞ্জ লতা সপোন মগন

        বাঁহীৰ অমিয়া পি,

বসন্তই বঢ়ালে সপোনৰ ৰাগী

       মূৰত হাত বুলাই দি।

মলয়া বতাহে লতাটি জগালে

           মেলিলে ফুলৰে চকু,

জোনাকে ঢালিলে সুধাৰ নিজৰা

          উপচি পৰিল বুকু।