নাৰায়ণ কৱচ

ৱিকিউৎসৰ পৰা
নাৰায়ণ কৱচ
নাৰায়্ন কৱচ
শ্ৰীশ্ৰী কৃষ্ণায় নম:
শ্লোক
শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ |
নন্দগোপকুমাৰায় গোবিন্দায় নমো নম: ||

নম: পঙ্কজানাভায় নম: পঙ্কজমালীনে |
নম: পঙ্কজানেত্ৰায় নমস্তে পঙ্কজাঙ্ঘ্ৰয়ে ||
বসুদেৱ সুতং কৃষ্ণ কংসচাণুৰ মৰ্দ্দনং |
দৈৱকীহৄদয়ানন্দং কৃষ্ণং বন্দে জগদগুৰুম ||

নাৰায়্ন কৱচ

শুকনিগদতি শুনা সুভদ্ৰাৰ নাতি |
বিশ্বৰূপে এহি অঙ্গীকাৰ কৰি আতি ||
দেৱগণে বৰিলা ভৈলন্ত পুৰোহিত |
কৰিলন্ত কাৰ্য্য যত গুৰুৰ বিহিত ||
অসুৰক ৰক্ষা কৰে শুক্ৰৰ বিদ্যাই |
তাক নষ্ট কৰিবাক দিলন্ত উপায় ||
নাৰায়ণ কৱচ দিলন্ত বাসৱক |
যাক পায়া ইন্দ্ৰ সৱে জিনিলা দৈত্যক ||
পুনু ত্ৰৈলোক্যৰ লক্ষ্মী পায়া সুৰপতি |
কৃষ্ণৰ প্ৰসাদে সৱে তাৰিলা বিপত্তি ||
হেন শুনি পৰীক্ষিতে পুছন্ত শুকত |
কহিয়ো বান্ধৱ গুৰু মহাভাগৱত ||
তুমি বিনে মোৰ প্ৰাণবন্ধু নাহি আন |
কৰিয়োক মোক কৃষ্ণ কথা মধু পান ||
হৰি কথা ৰসে মোৰ নিমজিল চিত্ত |
মৰাৰ মুখত যেন ঢালিল অমৃত ||
নাৰায়ণ কৱচক পায়া শচীপতি |
লীলায়ে দৈত্যক জিনি সাধিলা জয়তি ||
সেহি কৱচৰ কথা মোত কহিয়োক |
চৰনে শৰণ লৈলো উদ্ধাৰিয়ো মোক ||
ৰাজাৰ বচন শুক ভৈলা আনন্দিত |
হাঁসিয়া বোলন্ত শুনা ৰাজা পৰীক্ষিত ||
পুৰোহিত হুয়া বিশ্বৰূপ মহামতি |
সাৱধানে পুছে হেন বাসৱক প্ৰতি ||
নাৰায়্ণ কৱচ কহিলা সাৱচিতে |
তাক এৱে কহোঁ ৰাজা শুনা একচিত্তে ||
বিশ্বৰূপ বদতি শুনিয়ো হৰি হয় |
যদি আকস্মাত আসি মিলে মহাভয় ||
হস্ত পদ প্ৰক্ষালিয়া উত্তৰৰ মুখে |
কুশহস্তে আচমন কৰি মহাসুখে ||
মূলমন্ত্ৰে অঙ্গন্যাস কৰন্যাস কৰি |
শুচি সংযমন হুয়া মাধৱক স্মৰি ||
নাৰায়ণ কৱচক কৰিবে ধাৰণ |
অনায়াসে হৈব ঘোৰ ভয় নিবাৰণ ||
পদ জানো উৰুযুগ উদৰ হৃদিত |
উৰ:স্থলে মূলে শিৰে যথা ক্ৰমোদিত ||
প্ৰণৱাদি অষ্টাক্ষৰ মন্ত্ৰ মহা ৰঙ্গে |
ন্যাস কৰিবেক জানা সেহি সৱ আঙ্গে ||
দ্বাদশ অক্ষৰ মন্ত্ৰ তাত অনন্তৰ |
ন্যাসিবেক অঙ্গুলিৰ পূৰ্বে নিৰন্তৰ ||
হ্যদি শিৰ কৰ মধ্যে শিখাত নেত্ৰত |
শৰীৰৰ সন্ধিস্থানে এহি ক্ৰম মত ||
ষড়ক্ষৰ মন্ত্ৰন্যাস কৰি শুদ্ধমন |
মকাৰ অক্ষৰে কৰিবেক দিগ্বন্ধন ||
আপোনাক ঈশ্বৰ স্বৰূপে ধ্যান কৰি |
এহি মন্ত্ৰ উচ্চাৰিব মাধৱক স্মৰি ||