নাচতু গোৱিন্দ গোপিনী আগে
।। ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰুং।। নাচতু গোবিন্দ গোপিনী আগে।
কৰ পাতি পাতি লৱণু মাগে।।
পদ।। যো কৰ কমল ভকত ভয়হাৰী।
সোহি কৰ পাতি মাগে লৱণু মুৰাৰি।।
গোৱালী বোলয় নীচু নাচ গোপালা।
তব তোই লৱণু দেৱব হামু ভালা।।
লৱণু আশে লাসে গোৱিন্দ নাচে।
কৰ ভৰি লৱণু গোবিন্দক যাচে।।
লৱণু খায়া নাচে কানাই।
আনন্দে গোপিনী তাল বজায়।।
যো হৰি এ তিনি ভুৱন অধিকাৰী।
গোকুল মাজে সোহি লৱণু ভিক্ষাৰী।।
ভকতি অধীন হৰি দীন দায়াল।
কহয় মাধৱ গতি বাল গোপাল।।