দোলায় গোবিন্দ পৰম আনন্দে
।। ৰাগঃ তুৰ-বসন্ত।। তালঃ যতি।।
ধ্ৰুং।। দোলায় গোৱিন্দ পৰম আনন্দে।
ৰতন সিংহাসনে বসি।
কনক-বিৰচিত দৌলৰ মণ্ডপ
জ্বলয় যেন ৰবি শশী।।
পদ।। ৰতন ভূষণ জ্বলয় শ্যামতনু
ফাগুৱে হুয়া উজ্জ্বলিত।
নবীন মেঘে যেন বিজুৰী সঞ্চাৰে
পেখিতে কাম বিমোহিত।।
ছত্ৰ চামৰে চৌভিতি ৰঞ্জিত
কনকময় ধ্বজ দণ়্।
আকাশে দেৱগণে কুসুম বৰিষয়
বজায়া বহু বাদ্য-ভণ্ড।।
গন্ধৰ্ব গাৱয় বাৱয় বিদ্যাধৰে
নাচয় অপসৰা গণ।
সিদ্ধ মনিগণে মহিমা স্তুতি কৰে
কৌতুকে দোলে নাৰায়ণ।।
পূৰ্ণশশী জিনি জ্বলয় শ্যামতনু
মুকুতা মণি শাৰী শাৰী।
উৰ্দ্ধ দৃষ্টি কৰি পৰম আনন্দে
নিৰিখে যত নৰ-নাৰী।।
হৰিৰ দৌলেৰ মহিমা কৌতুক
কমনে কহি পাৱে সীমা।
আছোক মানুষ দেৱ মুনিগণে
নজানে যাৰ মহিমা।।
দৌলেৰ উৱৰে মগৰ ভিতৰে
দোলয় ত্ৰিজগতৰ পতি।
পৰম মূঢ়মতি কহয় মাধৱ
গোৱিন্দ পদে মোৰ মতি।।