তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ
তুমি নাথ ম‍ই নাথৱন্ত ।
চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া প্ৰভু ভগৱন্ত ।।
তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ ।
দান্তে তৃণ তুলি লওঁ যিমতে সেৱাত ৰওঁ
দিয়ো মোক সেহি উপদেশ ।।
তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু
তুমি বিনে নাহি মোৰ আৰ ।
কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
দিয়ো মোক সেৱা ৰস সাৰ ।।
নাজানোহো আৱাহন, নাজানোহো বিসৰ্জ্জন
পূজা মন্ত্ৰ নাজানো কিঞ্চিত ।
এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ
মোৰ গতি সাধিবে উচিত ।।