ঢেঁকী-কবি

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

আমাৰ দেশৰ বিখ্যাত ন ঢেঁকী-কবি এজনৰ ধান বনা ঢেঁকীটো এদিন ভাগি থাকিল, সেই উপলক্ষে মাজ নিশা তিনি চাকি তেল পুৰি, ভাবি চিন্তি তালু আধাআধি ফুটাই তেওঁ এই হৃদয়বিদাৰক স্বৰ্গীয় ডাঙৰ ভাবৰ ’পয়দা’ হোৱা কবিতাটি লিখি বৰবৰুৱাৰ ”ফটা চৰণ কমলেষু’ বুলি উত্সাৰ্গ কৰিছ| ই কাকতৰ টোপোলাত ঠাই পাবৰ উপযুক্ত; সেইদেখি তাকে কৰা গ’ল:-


”তোমাৰ বিৰহে ঢেঁকী জীওঁ কেনে কৰি?
ঢেঙ্কুৰু ঢেঙ্কুৰু সুৰ, হায়! যেন বাজে
বাঁহী কদমৰ তলে কানুৰ| বানা ধান
নিত্যে; খুওৱা ভাত মোক; খুৱাবৰ
মনে পথিককো ”ৰৈ—যা, খাই—যা” মাতা|
লগতে তোমাৰ-মোৰ গ’ল ভাগি হিয়া!
নহবা নিৰ্দ্দয় ঢেঁকী সমিধান দিয়াঁ!