ঝুমুড়া

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ঝুমুড়া
লেখক অনিৰুদ্ধদেৱ

এ ভাই কমনে কৰ বিহাৰ ৷
প্ৰচণ্ডবেগৰ ঠাঠে ৰুহি আসে উমান নপৱা গাৰ ৷৷

গন্ধৰ্ব্ব-কতক গোটে গোটে পড়ি
আগতে মৰিয়া যাই ৷
ত্ৰিশ পাইকৰ হাজৰা পড়য়
ৰঙ্গ কৰ তাকে চাই ৷৷

লস্কৰগোট আগতে পড়য়
আনন্দ কৰ অধিক ৷
সকলে কটক পাড়ি আনিলেক
উমান নপৱা কিক ৷৷

শিলাঞ্চাৰ গড় ভাঙ্গিয়া কতক
ইটাৰ গড় খসাই ৷
তথাপি নিসাৰে আছ কেনে ভাই
অগ্নিৰ গড় নিমাই ৷৷

প্ৰচণ্ডবেগৰ বহিনী সুন্দৰী
জৰা আসি লাগ পাই ৷
অলক্ষিতভাৱে পুৰুষক পাই
স্বামী বৰিলেক তাই॥

তেজ মাংস যত আগতে শোষয়
ছাল হোৱে সোটাসোট।
ভাই ভনীয়ে নগৰ বেঢ়িয়া
দিয়ে আতি বড় চোট॥

যৱন পাইক দুৱাৰ ভেটয়
ওহলাইবে শকতি নাই।
ভয়ে নৃপতিও গৰ্জ্জিবাক লৱৈ
সিতো পুৰুষক চাই॥

মৃত্যুৱে নিকট চাপিলেক আসি
নিবেক ডোল লগাই ৷
তথাপিতো তাৰ ইটো বিমৰিষ
মনৰ অগ্ৰতো নাই॥

ধন-জন-ক্ষেত্ৰ- বিষম সুখত
আনন্দ মানে অধিক।
যদ্যপি বিষয় ভূঞ্জিবে নুৱাৰে
তাতে ৰতি আত্যন্তিক॥

হৰি-চৰণত শৰণ পশিয়া
নকৰ যাৱে ভকতি।
কালৰ হাতৰ এড়াইবেক লাগি
আছয় কাৰ শকতি॥

কৃষ্ণৰ চৰণে ভকতি-বিহীন
হুয়া মূঢ় অল্পমতি।
কহে অনিৰুদ্ধ ইবাৰ কৰুণা
কৰা মোক যদুপতি॥