সমললৈ যাওক

জল কৰতি

ৱিকিউৎসৰ পৰা
বৰ-কৰতি
জল কৰতি
শ্ৰীকৃষ্ণায় নমঃ

দেৱে দৈত্যে আসিয়া সাগৰ মথিলা। লক্ষ্মীৰ হিয়াৰ পৰা কৰতি বাজ ভৈলা। আপুনি হাতে তুলি লক্ষ্মী বহি চাইল। দেৱ দৈত্য অসুৰে দেখিয়া ভৰিলা।। কৰতি চাই পৰম ঈশ্বৰী বচন বলিয়া। হেন দেখি কৰতি প্ৰণাম কৰিলা।। নাগলোকক তেখনে চলিলা।। নাগলোকৰ ব্যাধি ভয়তে কম্পিবাক লৈলা।। জল কৰতি ক্ৰোধ দেখি পলাইবে লাগিলা। পাচে জল কৰতিয়ে কাটি কৰো মুষিমূৰ।। হৰ কৰতি হৰ, জল কৰতিয়ে কাটিলো, পানী হুই পৰ।।*।। পৰম ঈশ্বৰীৰ হিয়াৰ পৰা জল কৰতি বাজ ভৈলা। মনুষ্য কুমন্ত্ৰ কুগাঁঠি বিচাৰিবে লৈলা।। অনন্তৰে আঠ দিশৰ গাঁঠি কাটিলন্ত আঠকো ছিণ্ডিলন্ত। দেখি জল কৰতিয়ে মহাক্ৰোধ ভৈলা। অনন্তৰ থানৰ কুমন্ত্ৰ কুজ্ঞান খাইবাক লৈলা।। মন্দ কৰা তাকো কাটো।। অসুৰীয়া আৰীতিয়া গাঁঠি কাটি নিৰ্য্যাণ কৰো।। সকলো মোৰ জল কৰতিয়ে কুমন্ত্ৰ গাঁঠি কাটিলো, আমুকাৰ গাৱৰ শৰহৰা কমৰাহৰা চৌষষ্টি কুমন্ত্ৰ কুহৰা কুগাঁঠি পানী হুই পৰ।।*।। বেদৰ ভিতৰে বান্ধ পাই, জল কৰতিয়ে পেলাইলে খাই। ইন্দ্ৰ চন্দ্ৰ সূৰ্য্যৰ শৰবাণ পেলাইলে খাই।। সকলো জল কৰতিয়ে পেলাইলে খাই। সূৰ্য্যমণ্ডলৰ দোষ পাই, জল কৰতিয়ে পেলাইলে খাই। অপ্সৰা সকলৰ দোষ পাই, জল কৰতিয়ে পেলাইলে খাই। মঙ্গল বৰিয়া বৰাহী হৰা পাই, জল কৰতিয়ে পেলাইলে খাই। গুৰু বৰিয়া হৰা পাই, জল কৰতিয়ে পেলাইলে খাই। সোমবৰিয়া শুকনা হৰা পাই, জল কৰতিয়ে পেলাইলে খাই। চাৰি দিশৰ উত্তৰৰ হৰা পাই, জল কৰতিয়ে পেলাইলে খাই। পশ্চিম দিশৰ হৰা পাই, জল কৰতিয়ে পেলাইলে খাই। সূৰ্য্য মণ্ডলৰ হৰা শৰহৰা বাণ যত পাই কৰতি মন্ত্ৰে পাই, পেলাইলেক খাই। উত্তৰ দিশৰ পোৰা হৰা পাই, জল কৰতিয়ে পেলাইলে খাই। পূৰ্ব্বৰ হৰা পাই, কৰতি মন্ত্ৰে পেলাইলে খাই। দক্ষিণৰ হৰা পাই, জল কৰতিয়ে পেলাইলে খাই। খণ্ড খণ্ড কৰি পেলাইলে কাটি, পৃথিৱীৰ ভিতৰে যত কুমনত্ৰ কুগাঁঠি আছন্ত, তাকো জল কৰতিয়ে পাই, খেদি খেদি খাই। প্ৰথমে পোৰা হৰা পোৰা বাণ পাই, জল কৰতিয়ে পানী কৰি খাই। তেজসাৰ, জিকিসাৰ জল কৰতিয়ে কৰে বুন্দামাৰ। টেঙা কামৰণী, পিতশূল জল কৰতিয়ে কাটি কৰো বুন্দামাৰ। হিয়া কামৰণী, হেডালি কামোৰণী, জল কৰতিয়ে পেলাইলে খাই। মৌ-বিছনিয়া খলপীৰা, বিন্দুসাৰ, উড ভাউদৰি উদফাই, গ্ৰহণী, জ্বৰ জল কৰতিয়ে কাটি খণ্ড খণ্ড কৰ।। হৰ কৰতি হৰ। আমুকাৰ হৰা কৰ্ম্মা কুকথা কুকৰ্ম্ম মুঠি বান্ধ চাত গাঁঠি কাটিলো, পানীকৃত্য কৰ।।*।। পানী পানী মহা পানী। পানী তুলিলে সীতা গোসাঁনী।। সেই পানী জাৰিলো মই আমুকাৰ গাৱত কুমন্ত্ৰ কাটিলো, পানীকৃত্য হুই পৰ।।*।। গলবেড়া হেঙ্গেৰা পাই, জল কৰতিয়ে কাটি পেলাই।। জল কৰতিয়ে ধৰাল ডাঁটি। আমুকাৰ গাৱৰ মন্দকৰা জল কৰতিয়ে পেলাইলে কাটি।। ক্ষেতৰ ক্ষেতৰীবাণ জল কৰতিয়ে কাটি কৰিলো নিৰ্যাণ। চামোন যক্ষ যক্ষিণী বান, জল কৰতিয়ে মন্ত্ৰে কাটি কৰিলো নিৰ্যাণ। জলৰ বাণ, জল কৰতি বাজ ভৈলা। নৰ-মনুষ্যৰ কুমন্ত্ৰ বিচাৰিবে লৈলা।। ওভোটা চুৰ, পালতা চুৰ গাঁঠি,তাক জল কৰতিয়ে পেলাইলে কাটি। শনিবাৰ শুকনী দিলন্ত গাঁঠি, তাক জল কৰতিয়ে পেলাইলে কাটি। দেওঁবাৰে ওভতা দিলন্ত গাঁঠি, তাক জল কৰতিয়ে পেলাইলে কাটি। সোমবাৰে নোহিণী দিলন্ত গাঁঠি, তাক জল কৰতিয়ে পেলাইলে কাটি। মঙ্গলবাৰে পোৱা দিলন্ত গাঁঠি, তাক জল কৰতিয়ে পেলাইলে কাটি। বুধবাৰে বেদৰ ভিতৰে দিলন্ত গাঁঠি, তাক জল কৰতিয়ে পেলাইলে কাটি।। গুৰুবাৰে বেদৰ ভিতৰে দিলন্ত গাঁঠি, তাক জল কৰতিয়ে পেলাইলে খাই। চাৰি বেদৰ চাৰি হৰা পাই তাক জল কৰতিয়ে পেলাইলে খাই। হৰ কৰতিয়ে হৰ, আমুকাৰ গাৱৰ কুমন্ত্ৰ কাটিলো পানী হুই পৰ।।*।। পৰম ঈশ্বৰী হিয়াৰ পৰা জল কৰতি বাজ ভৈলা। মনুষ্যৰ কুমন্ত্ৰ্ কুহৰা গাঁঠি কাটি বিচাৰিবে লৈলা।। পৃথিৱীৰ ব্যাধি কম্পিবাক লৈলা, তাক জল কৰতি মন্ত্ৰে বিচাৰিবে লৈলা।। চক্ষু শূল চক্ষু বেথা চক্ষু কাটি পাই, তাক জল কৰতি মন্ত্ৰে পেলাইলেক খাই। শিৰ সন্নিপাত পাই, তাক জল কৰতিয়ে পেলাইলে খাই। আন্তমেলো দাম্ভমেলো আৰু মেলো মাথাৰ কেশ। মোহোৰ কাচনিৰে কৰিলে উদাস।। হৰ কৰতি হৰ, আমুকাৰ গাৱৰ কুমন্ত্ৰ কুজ্ঞান বান্ধচাত কাটি পানীকৃত্য কৰো।।*।। ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও আলচ কৰিলা। জল কৰতিৰ পাশে তিনিও চলিলা। গন্ধেপুষ্পে ধূপে দীপে সম্ভাৰ আনিলা। জল কৰতিক পূজিবাক লৈলা।। পূজাত সন্তুষ্ট হুই কূৰ্মক ব্যাধি খাইবাক লৈলা।। মন্দকৰ তাকো কাটো, আহুদী কৰা তাকো কাটো, দুবৰি বনত গাঁঠি দিয়া তাকো কাটো, গোন্ধ তেলত দিয়া গাঁঠি তাকো কাটো, মঙ্গলবৰিয়া তেলত দিয়া গাঁঠি কাটো, মাটি তলত দিয়া গাঁঠি কাটো, মাটি তলত পোতা গাঁঠি কাটো, গৰ্ভতে মন্দকৰা গাঁঠি কাটো,হাৰে হাৰে বন্ধা তাকো কাটো, মাংসে মাংসে বন্ধা কাটো, ছালে ছলে বন্ধা তাকো কাটো, পোৰণি হীৰাবাণ গাঁঠি কাটো, শোৰনী হৰা কাটো, মুখে জুই ওলোৱা তাকো হৰা কাটো। হৰ কৰতি হৰ, আমুকাৰ গাৱৰ কুমন্ত্ৰ কুজ্ঞান কাটো, পানী উঠি পৰ।।*।। তাক জল কৰতিয়ে খেদি গৈলা, হেন দেখি কৰতিৰ ক্ৰোধ ভৈলা। ব্ৰহ্মাৰ থানৰপৰা ব্যাধি বিচাৰিবে লৈলা।। শানশৰ খোপাশৰ ডাহনৰ মজাশৰ, ফটনিশৰ, পিতশৰ, চেঙেলীশৰ, মেঙ্গেলীশৰ, তালুশৰ জিহ্বাশৰ, কামোৰণীশৰ, হৰ কৰতি হৰ, আমুকাৰ গাৱৰ কুকৰ্ম্ম কাটিলো পানীধাৰ হুই পৰ।।*।। কি কি বাণৰ কি কি নাম। আজি বাণৰ নাম কওঁ।। পোৰণিবাণ, নিদ্ৰাবাণ, বিষবাণ, বায়ুবাণ, জলবাণ, থলবাণ, ভুমুকিবাণ, বৰুণবাণ, ইন্দ্ৰশৰ, চন্দ্ৰশৰ, শৰ শৰ, মহা শৰ। জল কৰতিয়ে কাটো পানী হুই পৰ।।*।। জল কৰতি মন্ত্ৰ মই কৰিলো প্ৰচাৰ। মন্দ কৰা বাণ কাটো, পোৰা হৰা দিয়া বাণ কাটো, ঔষধ পোতা বাণ কাটো, তামোলত দিয়া বাণ কাটো, গাখীৰত দিয়া বাণ কাটো, মউত দিয়া বাণ কাটো, বচবাত দিয়া বাণ কাটো, পশুৰ মাংসত দিয়া বাণ কাটো, চৰাইৰ মাংসত দিয়া বাণ কাটি কৰো খান খান। হৰ কৰতি হৰ, আমুকাৰ গাৱৰ চৰবাণ, মন্ত্ৰ কৰা হৰদিয়া ঔষধ পোতা পানীধাৰ কৰো।।*।। মনুষ্যৰ বাণ কাটি কৰো খান খান। পিশাচৰ বাণ কাটি কৰো খান খান। যক্ষ যক্ষিণীৰ বাণ কাটি কৰো খান খান। ভূত পিশাচৰ বাণ কাটি কৰো খান খান। হৰ কৰতি হৰ, আমুকাৰ গাঁঠি মুঠি কাটি পানীকৃত্য কৰো।।*।।


জল কৰতি সমাপ্ত